অসম

assam

ETV Bharat / sports

গুৱাহাটীত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ উদ্বোধন কৰিলে অনুৰাগ সিং ঠাকুৰে - ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

Khelo India University Games : সোমবাৰৰ পৰা আৰম্ভ হৈছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ৷ সৰুসজাই ষ্টেডিয়ামত এই খেলৰ উদ্বোধন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা ৷

Khelo India University Games
খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ উদ্বোধন

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:59 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী :কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সোমবাৰে গুৱাহাটীত সৰুসজাই ষ্টেডিয়ামত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ উদ্বোধন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে উত্তৰ-পূবৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছক সম্বোধন কৰি কয় যে উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে নতুন বিকাশ লাভ কৰিছে, তাৰে এক প্ৰতীক পখিলা এটাক মাস্কোট হিচাপে দাঙি ধৰা হৈছে ।

তেওঁ ভাষণত ক্ৰীড়াৰ প্ৰচাৰ আৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে । তেওঁ লগতে উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকলে কেৱল মূল্যৱান অভিজ্ঞতা লাভ কৰাই নহয়, সমগ্ৰ ভাৰতত ক্ৰীড়া সংস্কৃতিৰ অগ্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগাব ।

তেওঁ ভাষণত প্ৰশিক্ষণৰ সুবিধাৰ পৰা আৰম্ভ কৰি বৃত্তি পৰ্যন্ত খেলুৱৈসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰচেষ্টা আৰু এই বছৰ ক্ৰীড়াৰ বাবে 3500 কোটি টকাতকৈও অধিক অভিলেখ বাজেট আবণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৩; ল'গ' আৰু জাৰ্চি মুকলি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ঠাকুৰে কয় যে যোৱা বছৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ আৰু লাডাখত অনুষ্ঠিত প্ৰথমখন খেলো ইণ্ডিয়া শীতকালীন গেমছৰ বৃহৎ সফলতাৰ পিচত, এতিয়া গুৱাহাটীৰ এই বছৰৰ ইউনিভাৰ্চিটি গেমছৰ অনুষ্ঠিত কৰা হৈছে ।

প্ৰধামন্ত্ৰীগৰাকীয়ে লগতে কয় যে চতুৰ্থ সংখ্যক খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 সমগ্ৰ দেশৰ 4544 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, ছিকিম, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিস্তৃত 18 টা বিভিন্ন স্থানত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

এই বিশাল প্ৰতিযোগিতাত এথলেটিকছ, ৰাগবী, সাঁতোৰ, বেডমিণ্টন, হকী আৰু ফুটবলকে ধৰি 20 টা ক্ৰীড়া শাখা সামৰি লোৱা হ’ব । তেওঁ আৰু কয়, ‘‘ফিট ইণ্ডিয়াৰ প্ৰচাৰৰ আমাৰ লক্ষ্যৰ অংশ হিচাপে, আমি যোগ আৰু মল্লখম্বৰ দৰে পৰম্পৰাগত ক্ৰীড়াকো ইভেণ্ট লাইন-আপত অন্তৰ্ভুক্ত কৰিছো’’ ।

উল্লেখ্য যে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকে ।

লগতে পঢ়ক :খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ 2023: উদ্বোধনী অনুষ্ঠানত চমক প্ৰদৰ্শন কৰিবলৈ সাজু পাপন

ABOUT THE AUTHOR

...view details