ETV Bharat / state

বিদায় ২০২৪ : এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী - YEARENDER 2024

বিদায়ী বৰ্ষটোত  বিশ্বমুখী যাত্ৰাৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰৱচ্ছিন্ন সাধনা , অনন্য প্ৰতিভাৰে জিলিকিছে কেইবাগৰাকীও অসমীয়া ৷

Yearender 2024
এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 2:57 PM IST

Updated : Dec 19, 2024, 4:38 PM IST

গুৱাহাটী: বিশ্ববাসী নতুন বছৰক আদৰিবলৈ সাজু হৈছে । ২০২৪ বৰ্ষটোৰ আৰু মাত্ৰ কেইটামান দিন বাকী আছে । বিদায়ী বছৰটো অসম আৰু অসমীয়াৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ আছিল ৷ কিয়নো এই বছৰটোত নিৰৱচ্ছিন্ন সাধনা, অনন্য প্ৰতিভাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে কেইবাগৰাকীও অসমীয়া । সেইসকল সফল অসমীয়াক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন ।

বি চি চি আইৰ সচিব পদত প্ৰথমগৰাকী অসমীয়া

Yearender 2024
বিচিচিআইৰ সচিব পদত প্ৰথমগৰাকী অসমীয়া (ETV Bharat Assam)

২০২৪ চনতে অসমবাসীৰ বাবে আহিল এক ভাল খবৰ । প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া অধিষ্ঠিত হ'ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব পদত । অসমৰ সন্তান দেৱজিৎ লন শইকীয়াই বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । বি চি চি আইৰ এনেধৰণৰ শীৰ্ষ পদ লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া । ইয়াৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছতে তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল । বি চি চি আইৰ এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰা হয় । প্রাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শ‍ইকীয়া গুৱাহাটী ক্রীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে ।

বক্সাৰ লাভলীনা বৰগোঁহাই

Yearender 2024
পেৰিছত বিফল লাভলীনা বৰগোঁহাই (ETV Bharat Assam)

২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ যোৱা অসমৰ একমাত্ৰ খেলুৱৈ আছিল লাভলীনা বৰগোঁহাই । টকিঅ' অলিম্পিকত ফাইনেল বঞ্চিত হ'লেও লাভলীনাই লাভ কৰিছিল ব্ৰঞ্জৰ পদক । কিন্তু পেৰিছ অলিম্পিকত 'লাভলী' নহ'ল অসমকন্যা লাভলীনাৰ অলিম্পিক যাত্রা । পদক দখলৰ মেচত পৰাস্ত হৈ গঢ়িব নোৱাৰিলে নতুন ইতিহাস । পেৰিছত চীনৰ অভিজ্ঞ প্রতিদ্বন্দ্বী লী কিয়ানে ৪-১ ব্যৱধানত পৰাস্ত কৰে লাভলীনাক । আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলেও অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাত ১৪০ কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা লাভলীনাক লৈ গৌৰৱান্বিত অসমবাসী ।

ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ

Yearender 2024
ভাৰতীয় দলত স্থাল লাভ ৰিয়ান পৰাগৰ (ETV Bharat Assam)

বিদায়ী বৰ্ষটোতে অসমসন্তান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ সপোন পূৰণ হ'ল । ভাৰতীয় ক্ৰিকেট দলত স্থান পালে ৰিয়ান পৰাগে । ইয়াৰ লগে লগে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৰিয়ান পৰাগে । বিশেষকৈ ঘৰুৱা আৰু আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰি ৰিয়ান পৰাগে দেশজুৰি ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । বিদায়ী বৰ্ষটোত আই পি এলত ১৫ খন মেচত ৪ টা অৰ্ধশতকেৰে ৫৭৩ ৰাণ সংগ্ৰহ কৰিছিল ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ বহু মেচ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰিয়ানে । ২০২৩ চনৰ চৈয়দ মোস্তাক আলী ট্ৰফীতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰিয়ান পৰাগে । চৈয়দ মোস্তাক আলী ট্ৰফীত ৰিয়ান পৰাগে ১৯২ ৰাণৰ ষ্টাইক ৰেটেৰে ৪৪০ ৰাণ সংগ্ৰহ কৰিছিল ।

৩ গৰাকী অসমীয়ালৈ পদ্মশ্ৰী সন্মান

এই বছৰতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে তিনিগৰাকী অসমীয়াই । তেওঁলোক হৈছে ক্ৰমে হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু লোক সংস্কৃতিৰ সাধক দ্ৰোণ ভূঞা ।

Yearender 2024
হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱালৈ পদ্মশ্ৰী (ETV Bharat Assam)

হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা : হস্তী সংৰক্ষণ আৰু কল্যাণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে হস্তীকন্যাখ্যাত বিশিষ্ট হস্তী বিশেষজ্ঞ পার্বতী বৰুৱালৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান । দেশৰ প্ৰথমগৰাকী মহিলা মাউত, প্রাণী সংৰক্ষণ কৰ্মী আৰু হস্তী বিশেষজ্ঞ পার্বতী বৰুৱা সম্প্রতি গুৱাহাটীৰ বাসিন্দা । উল্লেখ্য যে গৌৰীপুৰৰ ৰাজপৰিয়ালত জন্মগ্রহণ কৰা পাৰ্বতী বৰুৱা প্রয়াত প্রকৃতিশ চন্দ্ৰ বৰুৱাৰ নৱম সন্তান আছিল । তেওঁ আছিল গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ ভগ্নী আৰু খ্যাতিশীর্ষ চিত্রনির্মাতা প্রমথেশ বৰুৱাৰ ভতিজী । বাল্যকালৰ পৰাই হাতীৰ প্ৰতি অসীম আকর্ষণ, আগ্রহ আছিল পাৰ্বতী বৰুৱাৰ ।

প্ৰখ্যাত চিকাৰী পিতৃৰ পৰা হাতী সন্দৰ্ভত বহু জ্ঞান আহৰণ কৰিছিল বৰুৱাই । দুই দশক পূর্বে বি বি চিয়ে হস্তী বিশেষজ্ঞ হিচাপে পার্বতী বৰুৱাৰ জীৱন আৰু কৰ্মৰ ভিত্তিত 'কুইন অব্ দা এলিফেণ্টছ' নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সম্প্ৰচাৰ কৰিছিল । বৰ্তমান তেওঁ কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটীৰ আজীৱন সদস্য হিচাপে সংগঠনটোৰ বিভিন্ন সংৰক্ষণৰ প্ৰকল্পত জড়িত হৈ আহিছে ।

সৰ্বেশ্বৰ বসুমতাৰী : বি টি এ ডিত কৃষি বিপ্লৱৰ সূচনা কৰা চিৰাঙৰ ১ নং গৰবদ্বাৰাৰ সৰ্বেশ্বৰ বসুমতাৰীলৈ আগবঢ়োৱা হয় পদ্মশ্রী সম্মান । কৃষিক্ষেত্ৰত দেখুওৱা অনবদ্য অৱদান আৰু দক্ষতাৰ বাবেই পদ্মশ্রী বঁটাৰে বসুমতাৰীক সন্মানিত কৰা হয় । সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বেশ্বৰ বসুমতাৰীয়ে । নাৰিকল, কমলা, ধান, লিচু আৰু মাকৈৰ খেতিৰ জৰিয়তে বসুমতাৰীয়ে এগৰাকী প্রগতিশীল কৃষক হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ।

আদর্শ কৃষক হিচাপে পৰিচিত সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেচন, স্প্ৰীলাৰ ইৰিগেচন আদিৰ দৰে নতুন নতুন কৃষি প্রযুক্তি ব্যৱহাৰ কৰি ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে । এসময়ত দিন হাজিৰা কৰা সৰ্বেশ্বৰ বসুমতাৰীয়ে আনুষ্ঠানিক শিক্ষা অবিহনে নিজস্ব চিন্তা-চেতনাৰে কৃষিক্ষেত্ৰলৈ অনা পৰিবৰ্তন, অন্য ১০ জন কৃষককো কৃষিকৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰাৰ স্বীকৃতিস্বৰূপে সর্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্রী সম্মান আগবঢ়োৱা হয় ।

Yearender 2024
দ্রোণ ভূঞালৈ পদ্মশ্ৰী সন্মান (ETV Bharat Assam)

দ্রোণ ভূঞা : দৰং জিলাৰ ছিপাঝাৰৰ দ্রোণ ভূঞাই ওজাপালি নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নীৰৱে কাম কৰি আহিছে । ২০২১ চনত তেওঁ ৰাজ্য চৰকাৰৰ কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে সন্মানিত হৈছিল । ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটাও লাভ কৰিছে লোক-কৃষ্টিৰ সাধক দ্রোণ ভূঞাই ।

ওচেনিয়াৰ সৰ্বোচ্চ শৃংগ জয় নৱ কুমাৰ ফুকনৰ

Yearender 2024
ওচেনিয়াৰ সৰ্বোচ্চ শৃংগ জয় নৱ কুমাৰ ফুকনৰ (ETV Bharat Assam)

বিশ্বৰ ৭ খন মহাদেশৰ সাতোটা সর্বোচ্চ শৃংগৰ ভিতৰৰ পাঁচটাকৈ শৃংগ সুকলমে আৰোহণ কৰি পৰ্বতাৰোহণৰ এক উল্লেখযোগ্য যাত্ৰা সম্পূৰ্ণ কৰিছে চৰাইদেউ জিলাৰ চেপনৰ নিবাসী তথা পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে । ২০১৫ চনৰ ২৩ জুনত আফ্রিকাৰ সৰ্বোচ্চ শৃংগ মাউন্ট কিলিমাঞ্জাৰো, ২০১৬ চনৰ ২০ মে'ত এছিয়া তথা বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট, ২০২১ চনৰ ৪ আগষ্টত ইউৰোপৰ মাউণ্ট এলব্ৰুছ আৰু ২০২২ চনৰ ৫ ডিচেম্বৰত আর্জেন্টিনাস্থিত দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুৱা সুকলমে আৰোহণ কৰাৰ পিছত যোৱা ১৪ অক্টোবৰত ইণ্ডোনেছিয়া পাপুৱা নিউগিনি দ্বীপস্থিত ওচেনিয়া মহাদেশৰ সৰ্বোচ্চ শৃংগ কাৰ্ষ্টেন্স পিৰামিড সুকলমে আৰোহণ কৰি অন্য এক কৃতিত্ব অৰ্জন কৰে নৱ কুমাৰ ফুকনে ।

আমাৰ দৃষ্টিত এয়া কেইটামান উদাহৰণ হে মাত্ৰ । ২০২৪ চনত কেইবাগৰাকী অসম সন্তানে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰাৰ লগতে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :উভতি চাঁও ২০২৪ : বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ - YEARENDER 2024

বিশেষজ্ঞৰ দৃষ্টিত 2024 : এই বছৰটো ভাল আছিল, অহা বছৰে অৰ্থনীতিৰ ওপৰত অধিক স্পষ্টতা দিব - YEARENDER 2024

উভতি চাঁও ২০২৪ : ৰাজনৈতিক উত্থান-পতনৰ এটা বছৰ - INDIA POLITICAL TAMASHA

Last Updated : Dec 19, 2024, 4:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.