ETV Bharat / state

সষ্টম আৰক্ষী ! দিছপুৰৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক - SECTION 163 IMPOSED IN GUWAHATI

দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি ৷ প্ৰতিবাদ, ধৰ্ণা, শ্ল'গান আদি প্ৰদৰ্শনত বাধা আৰোপ ।

SECTION 163 IMPOSED IN GUWAHATI
গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 3:13 PM IST

Updated : Dec 19, 2024, 4:31 PM IST

গুৱাহাটী : কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী । ৰাজধানীত যাতে কোনো ধৰণৰ প্ৰতিবাদ হ'ব নোৱাৰে তাৰ বাবে দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে । এককথাত পুনৰ প্ৰতিবাদৰ ভয়ত যেন ত্ৰস্তমান হৈ পৰিছে মহানগৰ আৰক্ষী ।

কেৱল ধাৰা জাৰি কৰাই নহয়, প্ৰতিবাদ হ'ব পৰা স্পৰ্শকাতৰ এলেকাসমূহত মহানগৰ আৰক্ষীৰ বৃহৎ সমৰসজ্জা গঢ়ি তোলা হৈছে । জনতা ভৱনৰ সন্মুখত আৰু আশে পাশে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী ।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰাৰ লগে লগে দিছপুৰস্থিত ৰাজধানী চৌহদ তথা ইয়াৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক । প্ৰতিবাদ, ধৰ্ণা, শ্ল'গান আদি প্ৰদৰ্শনত বাধা আৰোপ কৰা হৈছে ।

section 163 imposed in Guwahati
মহানগৰ আৰক্ষীৰ নিৰ্দেশনা (ETV Bharat Assam)

প্ৰতিবাদক কেন্দ্ৰ কৰি বুধবাৰে উত্তাল হৈ পৰিছিল গুৱাহাটীৰ মাজমজিয়া

উল্লেখ্য যে বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ ৰাজভৱনলৈ যোৱা পথছোৱাত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীৰ ৰুদ্ৰমূৰ্তি আৰু আৰক্ষীৰ ব্যাপক সমৰসজ্জাৰ মাজত পৰিস্থিতি ভয়াৱহ হৈ পৰে । ব্যাপক উত্তেজনাৰ মাজতে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে । যাৰ ফলত বহুসংখ্যক প্ৰতিবাদকাৰীকে ধৰি কেইবাগৰাকীও সাংবাদিক আহত আৰু অসুস্থ হয় ।

মৃত্যু হৈছিল বকোৰ কংগ্ৰেছী কাৰ্যকৰ্তা মৃদুল ইছলামৰ

আনহাতে, কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুবৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক তথা অধিবক্তা মৃদুল ইছলামে । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনাও কৰে । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত আহত হৈছিল বকোৰ যুৱ অধিবক্তা মৃদুল ইছলাম । প্ৰদেশ কংগ্ৰেছৰ মতে অত্যধিক কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে মৃদুল ইছলামৰ মৃত্যু হয় । মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা লতাশিল থানাত এজাহাৰ দাখিল কৰা হৈছে ।

ঘটনা সম্পৰ্কে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এক্সত এটা পোষ্ট যোগে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, “ৰাজ্যপালৰ পদমৰ্যাদা দলীয় ৰাজনীতিৰ উৰ্ধত । কালি, কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি ৰাজভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা আৰু ওচৰে-পাজৰে বিশৃংখলতাৰ সৃষ্টি কৰি কৰিছিল। আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিব আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ পুনৰীক্ষণক সামৰি লৈ ঘটনাটোৰ এক পুংখানুপুংখ তদন্ত কৰিব । এতিয়াৰ পৰা, ৰাজভৱনৰ ওচৰত কোনো প্ৰদৰ্শনৰ অনুমতি দিয়া নহ'ব। প্ৰতিবাদ আৰু প্ৰদৰ্শনৰ বাবে ইতিমধ্যে এটা নিৰ্ধাৰিত এলেকা আৱণ্টন কৰা হৈছে।”

স্মৰ্তব্য যে বুধবাৰেও গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ কংগ্ৰেছ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে আগতীয়াকৈ কোনো অনুমতি লোৱা নাছিল বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল বৰাই ৷

প্ৰদেশ কংগ্ৰেছে বুধবাৰে গ্ৰহণ কৰিছিল ‘ৰাজভৱন চলো’ কাৰ্যসূচী

আদানীৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰ আৰু মণিপুৰৰ প্ৰসংগক লৈ কংগ্ৰেছ দলে দেশজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে প্ৰদেশ কংগ্ৰেছে বুধবাৰে ‘ৰাজভৱন চলো’ কাৰ্যসূচী গ্ৰহণ কৰে । কংগ্ৰেছৰ প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰাত বহুজন আহত হোৱাৰ লগতে প্ৰাণ যায় মৃদুল ইছলামৰ । আনকি উক্ত ঘটনাত কেইবাগৰাকী সাংবাদিকো আহত আৰু অসুস্থ হৈ পৰে ।

এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বৃহস্পতিবাৰে ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ পাছতে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ৰাজধানী দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে । ফলত ৰাজধানী দিছপুৰৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ । আনহাতে, সমবেত হ'ব নোৱাৰিব পাঁচজনতকৈ অধিক লোক । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰাৰ লগে লগে দিছপুৰত সষ্টম হৈ পৰিছে আৰক্ষী ।

লগতে পঢ়ক :কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST
লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? - GUWAHATI CONGRESS PROTEST TRAGEDY

Last Updated : Dec 19, 2024, 4:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.