ETV Bharat / technology

এতিয়া হোৱাটছএপতো উপলব্ধ ChatGPT - CHATGPT ON WHATSAPP

এতিয়া WhatsApp তো ChatGPT ব্যৱহাৰ কৰিব পাৰিব ।

Etv Bharat
এতিয়া হোৱাটছএপতো উপলব্ধ ChatGPT (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Dec 19, 2024, 3:04 PM IST

হায়দৰাবাদ: বৃহস্পতিবাৰে OpenAI এ আমেৰিকা আৰু কানাডাত এক বৃহৎ ঘোষণা কৰে । এতিয়া লেণ্ডলাইন ফোনতো হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ ChatGPT উপলব্ধ । ব্যৱহাৰকাৰীসকলে 1-800 ডায়েল কৰি প্ৰতিমাহে 15 মিনিটলৈকে ChatGPT ৰ সৈতে কথা পাতিব পাৰিব ।

ChatGPT ৰ বাবে চাবস্ক্ৰিপচনৰ প্ৰয়োজন নাই

এতিয়া ChatGPT ব্যৱহাৰ কৰাটো আগৰ তুলনাত বহুত সহজ হৈ পৰিছে । ফোন লাইনত ChatGPTৰ সৈতে কথা পাতিবলৈ কোনো অতিৰিক্ত চাবস্ক্ৰিপচনৰ প্ৰয়োজন নহ’ব । ব্যৱহাৰকাৰীয়ে ChatGPT ত ব্যক্তিগত প্ৰশ্ন সুধিব পাৰে । WhatsApp তো ChatGPT ব্যৱহাৰ কৰিব পাৰিব । WhatsApp ত ChatGPT কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক--

ৱেবছাইট বা এপ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই

যদি আপুনিও ChatGPT ব্যৱহাৰ কৰি আছে, তেন্তে কোম্পানীয়ে আপোনাৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে । হয়, এতিয়া ChatGPT ব্যৱহাৰ কৰিবলৈ ৱেবছাইট বা এপ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই । WhatsApp ৰ জৰিয়তে মেছেজ প্ৰেৰণ কৰিও ChatGPT ব্যৱহাৰ কৰিব পাৰিব । বিশ্বৰ যিকোনো ব্যক্তিয়ে ফোন নম্বৰ - 1-800-242-8478 ব্যৱহাৰ কৰি ChatGPT লৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে । X ত এটা পোষ্ট শ্বেয়াৰ কৰি OpenAI এ ChatGPT কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও জনাইছে-

WhatsApp ত ChatGPT কেনেকৈ ব্যৱহাৰ কৰিব?

  • এতিয়া WhatsApp ত ChatGPT ব্যৱহাৰ কৰিবলৈ প্ৰথমে নম্বৰটো চেভ কৰিব লাগিব । যোগাযোগসমূহলৈ যাওক আৰু এই নম্বৰটো 1-800-242-8478 চেভ কৰক ।
  • ইয়াৰ পিছত আপোনাৰ WhatsApp contact list ত গৈ এই ChatGPT নম্বৰত Hi message প্ৰেৰণ কৰক ।
  • এতিয়া ইয়াৰ পৰা পোনপটীয়াকৈ WhatsApp ত ChatGPT ব্যৱহাৰ কৰিব পাৰিব ।
  • আপুনি যেনেকৈ ChatGPT ত প্ৰশ্ন কৰে, ঠিক তেনেদৰে এতিয়া WhatsApp ত এটা chatbot ৰ লগত কথা পাতিব পাৰিব ।

কোনবোৰ কামত সহায় কৰিব ChatGPT এ

মেটাৰ মেছেজিং এপ হোৱাটছএপত মাহেকীয়া দুই বিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী আছে । OpenAI এ কয় যে চেটবটৰ সৈতে যোগাযোগ কৰা ব্যৱহাৰকাৰীসকলে যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰে । সৃষ্টিশীল লেখা, প্ৰজেক্ট পৰিকল্পনা, পৰামৰ্শ, কথোপকথন আদি কামত ChatGPT য়ে সহায় কৰিব পাৰে ।

লগতে পঢ়ক: ভাৰতত মুকলি হ’ল Apple iOS 18.2

গুগল আৰু Bing ৰ সৈতে প্ৰতিযোগিতাত নামিব OpenAI ৰ ChatGPT চালিত চাৰ্চ ইঞ্জিনে

আইফোন ব্যৱহাৰকাৰীৰ বাবে সুখবৰ; Chat-GPT ৰ সৈতে মুকলি হ’ল বুদ্ধিমত্তা বৈশিষ্ট্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.