অসম

assam

ETV Bharat / sports

ডব্লিউটিচি আৰু চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে ৰোহিত শৰ্মাক ভাৰতৰ অধিনায়ক ঘোষণা - WTC And Champions Trophy 2025

Indian Captain Rohit Sharma: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে টি-২০ বিশ্বকাপৰ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু অহা বছৰৰ চেম্পিয়নছ ট্ৰফীৰ অধিনায়ক হিচাপে মনোনীত কৰে । বিচিচিআইৰ হৈ সম্পাদক জয় শ্বাহে দেওবাৰে কৰে এই ঘোষণা ৷

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 4:07 PM IST

WTC AND CHAMPIONS TROPHY 2025
জয় শ্বাহ আৰু ৰোহিত শৰ্মা (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 7 জুলাই : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে টি-২০ বিশ্বকাপৰ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক দিছে আন এক গুৰু দায়িত্ব ৷ শ্বাহে দেওবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে ঘোষণা কৰা অনুসৰি, আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি) আৰু অহা বছৰৰ চেম্পিয়নছ ট্ৰফীৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাই দায়িত্ব বহন কৰিব ৷

এই ঘোষণাৰ লগে লগে ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে ঘৰৰ মাটিত খেলাৰ সুবিধা পাব নে ভাৰত আৰু পাকিস্তানৰ বাহিৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব, তাক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে ।

বিচিচিআইৰ সচিব জয় শ্বাহে সংবাদ মাধ্যমৰ আগত এক বিবৃতিৰ জৰিয়তে টি 20 বিশ্বকাপৰ খিতাপ জয়ৰ সন্দৰ্ভত কয় যে, "মই ৰাজকোটত কৈছিলো যে আমি অনুৰাগীৰ হৃদয় জিনিম, আকাংক্ষিত ট্ৰফীও জিকিম আৰু আমাৰ অধিনায়কে সেয়া কৰি দেখুৱালে ৷" টি 20 বিশ্বকাপৰ শেষৰ পাঁচ অভাৰত এই বিজয়ত যথেষ্ট অৰিহণা যোগোৱাৰ বাবে সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহকো ধন্যবাদ জ্ঞাপন কৰে বিচিচিআইৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:43 বছৰীয়া হ’ল মাহী: অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ধোনীৰ জীৱনৰ ওপৰত এক অৱলোকন - MS Dhoni turns 43

দেওবাৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰত আন দুটা গুৰুত্বপূৰ্ণ শৃংখলাৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰি জয় শ্বাহে কয় যে, ভাৰতীয় অধিনায়কগৰাকীয়ে এই দায়িত্বও নিয়াৰিকৈ পালন কৰি বিজয়ী ট্ৰফী অৰ্জন কৰিব বুলি সম্পূৰ্ণ বিশ্বাস আছে ৷

বিচিচিআইৰ সম্পাদকগৰাকীৰ এই ঘোষণাৰ পিছতে ভাৰতে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাতো নিশ্চিত হৈ পৰিছে ৷ পিছে কোনটো স্থানত এই শৃংখলা অনুষ্ঠিত হ’ব, সেয়াহে কোনো নিশ্চিত হোৱা নাই ৷ কিন্তু চিৰবৈৰী দেশখনত সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ নকৰাটোৰে সম্ভাৱনা অধিক ৷

লগতে পঢ়ক:চেন্নাইত পুনৰ মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা - INDW vs SAW T20 series

শ্বাহে যোৱা সপ্তাহত টীম ইণ্ডিয়াক ঐতিহাসিক দ্বিতীয়টো টি 20 বিশ্বকাপৰ খিতাপ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ সমান্তৰালকৈ এই বিজয়ী ট্ৰফী ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, তাৰকা বেটছমেন বিৰাট কোহলী আৰু ষ্টাইলিছ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ নামত উৎসৰ্গিত কৰে ।

উল্লেখ্য যে, 2023 চনৰ জুনত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজিত হৈছিল ভাৰত ৷ বিগত সময়ত অনুষ্ঠিত এদিনীয়া বিশ্বকাপতো ট্ৰফী দখল কৰাত ভাৰতীয় ক্ৰিকেট দলটো ব্যৰ্থ হৈছিল ৷ এই সকলোবোৰৰ বিপৰীতে শেহতীয়া টি 20 বিশ্বকাপত খিতাপ দখল কৰি ভাৰতে লক্ষাধিক ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক:হতাশ অনুৰাগী : অভিষেক মেচত ব্যৰ্থ ৰিয়ান পৰাগ, শূণ্যতে আউট অভিষেক - India Vs Zimbabwe

ABOUT THE AUTHOR

...view details