অসম

assam

মলাশয়ৰ কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে ইটালীৰ জনপ্ৰিয় ফুটবলাৰৰ, বিশ্বকাপত কৰিছিল দুৰ্দান্ত প্ৰদৰ্শন - SALVATORE SCHILLACI DIES

By ETV Bharat Sports Team

Published : Sep 18, 2024, 7:35 PM IST

Salvatore schillaci dies: ইটালী বিশ্বকাপৰ আইকন খ্যাত ছালভাটৰ শ্বিলাচিৰ মৃত্যু ৷ কেৰিয়াৰত মাত্ৰ 16 খন মেচ খেলা শ্বিলাচি সেই সময়ৰ তাৰকা ফুটবলাৰ আছিল ৷ মাত্ৰ 59 বছৰ বয়সতে মৃত্যু ঘটে ফুটবলাৰগৰাকীৰ ৷

SALVATORE SCHILLACI DIES
ছালভাটৰ শ্বিলাচিৰ মৃত্যু (Getty Images)

স্প’ৰ্টেছ ডেস্ক, 18 ছেপ্টেম্বৰ:ইটালীৰ হৈ জাতীয় দলৰ জাৰ্ছী পিন্ধি মাত্ৰ 16 খন খেল খেলা প্ৰাক্তন ফুটবলাৰ ছালভাটৰ শ্বিলাচিৰ বুধবাৰে মৃত্যু ঘটে । এই সময়ছোৱাত তেওঁ বিশ্বকাপৰ আইকন খিতাপ অৰ্জন কৰে ।

1990 চনৰ বিশ্বকাপত ছটাকৈ গ’ল প্ৰদান কৰি গ’ল্ডেন বুট লাভ কৰা ছালভাটৰে বিশ্ব ফুটবলত ‘ট’টো’ নামেৰে পৰিচিত আছিল । মলাশয়ৰ কৰ্কট ৰোগে মাত্ৰ 59 বছৰ বয়সতে পৃথিৱীৰ পৰা কাঢ়ি নিয়ে বিশিষ্ট ফুটবলাৰগৰাকীক ৷

2022 চনৰ পৰা মলাশয়ৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ছালভাটৰ ‘ট’টো’ শ্বিলাচি । কিছুদিন পূৰ্বে পেলেৰ্মোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন ফুটবলাৰগৰাকীক ৷ বুধবাৰে পুৱা সেই চিকিৎসালয়তে দেহাৱসান ঘটে ফুটবল খেলুৱৈগৰাকীৰ ৷ কেৰিয়াৰ যিয়েই নহওক কিয়, অনুৰাগীসকলে 1990 চনৰ বিশ্বকাপৰ বাবে শ্বিলাচিক সদায়ে মনত ৰাখিব ।

1990 চনৰ বিশ্বকাপত ঘৰুৱা মাটিত অষ্ট্ৰিয়াৰ বিৰুদ্ধে বিকল্প হিচাপে শ্বিলাচিয়ে প্ৰদান কৰিছিল প্ৰথমটো গ’ল ৷ আমেৰিকাৰ বিৰুদ্ধে বিকল্প হিচাপে সুযোগ লাভ কৰাৰ পিছত চেক গণৰাজ্যৰ বিৰুদ্ধে প্ৰথম এঘাৰত খেলাৰ সুযোগ লাভ কৰে শ্বিলাচিয়ে ।

ট’টোৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ ক্লাব জুভেণ্টাছে এক বিবৃতিত লিখিছে এনেদৰে, "আমি অতি কম সময়ৰ ভিতৰতে ট’টোৰ প্ৰেমত পৰিছিলো । তেওঁৰ অদম্য ইচ্ছাশক্তি আৰু ফুটবলৰ প্ৰতি থকা আকৰ্ষণ প্ৰতিখন মেচতে স্পষ্টকৈ দেখা গৈছিল" ।

জুভেণ্টাছৰ হৈ 90 খন খেলত 26 টাকৈ গ’ল দিয়া শ্বিলাচিয়ে ইণ্টাৰ মিলানৰ হৈ 30 খন খেলত 11 টা গ’ল প্ৰদান কৰে ৷ দেশৰ জাৰ্ছীত ফুটবলাৰগৰাকীৰ কেৰিয়াৰ বৰ বেছি দীঘলীয়া নাছিল যদিও শ্বিলাচিয়ে ক্লাব ফুটবলত চাৰিশৰো অধিক খেল খেলিছিল । তেওঁৰ কেৰিয়াৰত গ’লৰ সংখ্যা 150 টাতকৈও অধিক ।

শ্বিলাচিৰ মৃত্যুত শোকপ্ৰকাশ কৰি ইণ্টাৰ মিলানে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে, "নব্বৈৰ দশকৰ যাদুকৰী নিশাবোৰত তেওঁ ইটালীৰ জনসাধাৰণক সপোন দেখাইছিল" । ট’টোৰ মৃত্যুৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে উপস্থিত থাকে সমগ্ৰ ইণ্টাৰ মিলান পৰিয়াল ।

লগতে পঢ়ক:বিশ্বৰ সৰ্বাধিক ফ’লৱাৰ্ছ থকা ব্যক্তি হিচাপে অভিলেখ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ - RONALDO 1 BILLION FOLLOWERS

ABOUT THE AUTHOR

...view details