অসম

assam

ETV Bharat / sports

সম্পূৰ্ণ হ’ল আই পি এলৰ মেগা নিলাম; এটা ক্লিকতে জানক আটাইকেইটা দলৰ খেলুৱৈৰ তালিকা... - IPL AUCTION 2025

আই পি এল মেগা নিলাম 2025 ৰ সামৰণিৰ পিছত আটাইকেইটা দলৰে খেলুৱৈসকলৰ সম্পূৰ্ণ তালিকা, সম্ভাৱ্য প্লেয়িং 11 আৰু প্ৰভাৱিত খেলুৱৈসকলৰ বিষয়ে উল্লেখ কৰা হ’ল ।

IPL AUCTION 2025
আই পি এল মেগা নিলাম 2025 (ETV Bharat)

By ETV Bharat Sports Team

Published : Nov 27, 2024, 3:18 PM IST

স্প’ৰ্টছ ডেস্ক: অৱশেষত সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) মেগা নিলামৰ সামৰণি পৰে ৷ এই সময়ছোৱাত ফ্ৰেঞ্চাইজিসমূহে মুঠ 182 গৰাকী খেলুৱৈৰ ওপৰত 639.15 কোটি টকা ব্যয় কৰে ।

দুদিন ধৰি অনুষ্ঠিত হোৱা নিলামত মুঠ 182 গৰাকী খেলুৱৈক দলসমূহে ক্ৰয় কৰে ৷ আনহাতে, 395 গৰাকী খেলুৱৈয়ে নিলামত কোনো ক্ৰেতা বিচাৰি নাপালে ৷ ফ্ৰেঞ্চাইজিবোৰে তেওঁলোকৰ সপোনৰ দলটো গঢ়ি তুলিবলৈ চেষ্টা কৰি থকাৰ বাবে নিলামত এটা বিডিং যুঁজো দেখা গৈছিল ।

ঋষভ পন্ত অনুষ্ঠানটোৰ তাৰকাত পৰিণত হয়, কিয়নো খেলুৱৈগৰাকী আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত হয় ৷ লক্ষ্ণৌ চুপাৰ জায়েণ্টছে (এল এছ জি) উইকেটকীপাৰ বেটছমেনগৰাকীৰ বাবদ ব্যয় কৰে 27 কোটি টকা ৷

পন্তক বাদ দি শ্ৰেয়ছ আয়াৰেও সংবাদ শিৰোনাম দখল কৰে ৷ তেওঁক পঞ্জাৱ কিংছে 26.75 কোটি টকাত ক্ৰয় কৰে ৷

আনহাতে, গুজৰাট টাইটানছে 15.75 কোটি টকাত নিলামত ক্ৰয় কৰা জছ বাটলাৰ সৰ্বাধিক ব্যয়বহুল বিদেশী খেলুৱৈ হিচাপে পৰিচিত হয় ৷ আচৰিত কথা যে, ডেভিদ ৱাৰ্ণাৰ, জনি বেয়াৰষ্টো আৰু মুস্তাফিজুৰ ৰহমানৰ দৰে তাৰকা ক্ৰিকেটাৰসকলক ক্ৰয় কৰিবলৈ নিলামত নোলাল কোনো ক্ৰেতা ৷

আই পি এল 2025 ৰ পূৰ্বে সম্পূৰ্ণ দল আৰু প্ৰভাৱিত খেলুৱৈসকলৰ তালিকা উল্লেখ কৰা হ’ল, যাৰ আছে সম্ভাৱ্য প্লেয়ি-11

1. মুম্বাই ইণ্ডিয়ানছ (MI Full Squad)

মুঠ খেলুৱৈ: 23 (8 বিদেশী)

বেটছমেন: সূৰ্যকুমাৰ যাদৱ, ৰোহিত শৰ্মা, তিলক বৰ্মা, বেভান-জন জেকবচ

অলৰাউণ্ডাৰ: হাৰ্দিক পাণ্ডিয়া, নমন ধিৰ, উইল জেকচ, ৰাজ অংগদ বাৱা, ভিগনেশ পুথুৰু

স্পিনাৰ: আল্লা গজানফাৰ, কৰ্ণ শৰ্মা, মিচেল চেণ্টনাৰ

ফাষ্ট বলাৰ: যশপ্ৰীত বুমৰাহ, দীপক চাহাৰ, ট্ৰেণ্ট ব'ল্ট, অশ্বিনী কুমাৰ, ৰিচ টপলী, সত্যনাৰায়ণ ৰাজু, অৰ্জুন তেণ্ডুলকাৰ, লিজাদ উইলিয়ামছ

সম্ভাৱ্য প্লেয়িং-11: ৰোহিত শৰ্মা, ৰিয়ান ৰিকেল্টন (উইকেটকীপাৰ), তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ, উইল জেকছ, হাৰ্দিক পাণ্ডিয়া, নমন ধীৰ, আল্লা গজানফাৰ, মিচেল চেণ্টনাৰ, যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট ব'ল্ট আৰু দীপক চাহাৰ

ইম্পেক্ট খেলুৱৈ: ৰবীন মিঞ্জ, ৰাজ অংগদ বাৱা

2. চেন্নাই চুপাৰ কিংছ (CSK Full Squad)

মুঠ খেলুৱৈ: 25 (7 বিদেশী)

বেটছমেন: ৰুতুৰাজ গায়কোৱাড়, ৰাহুল ত্ৰিপাঠী, শ্বেখ ৰছিদ, দীপক হুডা, আন্দ্ৰে সিদ্ধাৰ্থ

উইকেটকীপাৰ: ডেভন কনৱে, এম এছ ধোনী, বংশ বেদী

অলৰাউণ্ডাৰ: ৰবীন্দ্ৰ জাদেজা, শিৱম দুবে, আৰ অশ্বিন, ছেম কৰণ, ৰাচিন ৰবীন্দ্ৰ, বিজয় শংকৰ, অংশুল কম্বোজ, জেমি অভাৰটন, কমলেশ নগৰকোটি, ৰামকৃষ্ণ ঘোষ

স্পিনাৰ: নুৰ আহমেদ, শ্ৰেয়াছ গোপাল

ফাষ্ট বলাৰ: মথিশা পাথিৰানা, খলিল আহমেদ, মুকেশ চৌধুৰী, গুৰজাপনীত সিং, নাথন এলিছ

সম্ভাৱ্য প্লেয়িং-11: ৰুতুৰাজ গায়কোৱাড়, ডেভন কনৱে, ৰাহুল ত্ৰিপাঠী, শিৱম দুবে, ছেম কৰণ, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী, মুকেশ চৌধুৰী, আৰ অশ্বিন, নুৰ আহমেদ আৰু মাথিশা পাথিৰানা

ইম্পেক্ট খেলুৱৈ: খলিল আহমেদ, শ্বেখ ৰছিদ

3. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB Full Squad)

মুঠ খেলুৱৈ: 22 (8 বিদেশী)

বেটছমেন: বিৰাট কোহলী, ৰজত পাতিদাৰ, টিম ডেভিড, মনোজ ভাণ্ডাগে, দেৱদত্ত পাডিক্কাল, স্বস্তিক চিকাৰা

উইকেটকীপাৰ: ফিল চল্ট, জিতেশ শৰ্মা

অলৰাউণ্ডাৰ: লিয়াম লিভিংষ্টোন, ক্ৰুণাল পাণ্ডিয়া, স্বপ্নিল সিং, ৰোমাৰিঅ’ শ্বেফৰ্ড, জেকব বেথেল, মোহিত ৰাথ

স্পিনাৰ: সুযশ শৰ্মা, অভিনন্দন সিং

ফাষ্ট বলাৰ: জছ হেজলউড, ভূৱনেশ্বৰ কুমাৰ, যশ দয়াল, ৰাশিখ ছালাম, নুৱান তুষাৰা, লুংগি এনগিডী

সম্ভাৱ্য প্লেয়িং-11: বিৰাট কোহলী, ফিল ছল্ট, জিতেশ শৰ্মা, ৰজত পাতিদাৰ, লিয়াম লিভিংষ্টোন, ক্ৰুণাল পাণ্ডিয়া, টিম ডেভিদ, যশ দয়াল, জছ হেজলউড, সুযশ শৰ্মা, ভূৱনেশ্বৰ কুমাৰ

ইমপেক্ট প্লেয়াৰ: ৰশিখ ছালাম, স্বপ্নিল সিং

4. ছানৰাইডাৰ্ছ হায়দৰাবাদ (SRH Full Squad)

মুঠ খেলুৱৈ: 20 (7 বিদেশী)

বেটছমেন: ট্ৰেভিছ হেড, অভিনৱ মনোহৰ, অনিকেত বাৰ্মা, শচীন বেবী

উইকেটকীপাৰ: হেনৰিখ ক্লাসেন, ঈশান কিষাণ, অথৰ্ব টাইড

অলৰাউণ্ডাৰ: অভিষেক শৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, কামিন্দু মেণ্ডিছ

স্পিনাৰ: এডাম জাম্পা, ৰাহুল চাহাৰ, জিশান আনছাৰী

দ্ৰুত বলাৰ: মহম্মদ ছামী, পেট কামিন্স, হৰ্ষল পেটেল, চিমাৰজিৎ সিং, জয়দেৱ উনাদকট, ব্ৰাইডন কাৰ্চে, ঈশান মালিংগা

সম্ভাৱ্য প্লেয়িং-11: ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, অভিনৱ মনোহৰ, অনিকেত বাৰ্মা, হেনৰিখ ক্লাসেন, নীতিশ কুমাৰ ৰেড্ডী, পেট কামিন্স, হৰ্ষল পেটেল, মহম্মদ ছামী আৰু এডাম জাম্পা

ইমপেক্ট প্লেয়াৰ: ৰাহুল চাহাৰ, শচীন বেবী

5. কলকাতা নাইট ৰাইডাৰ্ছ (KKR Full Squad)

মুঠ খেলুৱৈ: 21 (8 বিদেশী)

বেটছমেন: ৰিংকু সিং, ৰোভমেন পাৱেল, অংকৃষ ৰঘুবংশী, মনীষ পাণ্ডে, লাভনিথ চিছোদিয়া, আজিংক্য ৰাহানে

উইকেটকীপাৰ: কুইণ্টন ডি কক, ৰহমানুল্লাহ গুৰবাজ

অলৰাউণ্ডাৰ: ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, সুনীল নাৰিন, ৰমনদীপ সিং, অনুকুল ৰয়, মইন আলী

স্পিনাৰ: বৰুণ চক্ৰৱৰ্তী, ময়ংক মাৰ্কণ্ডে

ফাষ্ট বলাৰ: হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা, অন্দ্ৰিচ নৰ্টজে, স্পেন্সাৰ জনচন, উমৰণ মালিক

সম্ভাৱ্য প্লেয়িং-11: কুইণ্টন ডি কক, সুনীল নাৰিন, অংকৃষ ৰঘুবংশী, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, উমৰণ মালিক, স্পেন্সাৰ জনচন, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী

ইমপেক্ট প্লেয়াৰ: আজিংক্য ৰাহানে, বৈভৱ অৰোৰা

6. পঞ্জাৱ কিংছ (PBKS Full Squad)

মুঠ খেলুৱৈ: 25 (8 বিদেশী)

বেটছমেন: শ্ৰেয়ছ আয়াৰ, শশাংক সিং, নেহাল ৱাধেৰা, হৰনুৰ সিং পান্নু, প্ৰিয়াংশ আৰ্য, পেলা অবিনাশ

উইকেটকীপাৰ: জছ ইংগলিছ, বিষ্ণু বিনোদ, প্ৰভচিমৰণ সিং

অলৰাউণ্ডাৰ: গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টইনিছ, মাৰ্কো জনছন, হৰপ্ৰীত ব্ৰাৰ, আজমতুল্লাহ উমাৰজাই, এৰন হাৰ্ডি, মুছিৰ খান, সুৰিয়ানশ শ্যেড

স্পিনাৰ: যুজবেন্দ্ৰ চাহাল, প্ৰবীণ দুবে

ফাষ্ট বলাৰ: অৰ্শদীপ সিং, লকি ফাৰ্গুচন, যশ ঠাকুৰ, বিজয়কুমাৰ বৈশ্য, কুলদীপ সেন, জেভিয়াৰ বাৰ্টলেট

সম্ভাৱ্য প্লেয়িং-11: প্ৰভচিমৰণ সিং, জছ ইংগলিছ, মাৰ্কাছ ষ্টইনিছ, শ্ৰেয়ছ আয়াৰ, নেহাল বধেৰা, গ্লেন মেক্সৱেল, শশাংক সিং, বিজয়কুমাৰ বৈশ্য, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং

ইমপেক্ট প্লেয়াৰ: বিষ্ণু বিনোদ, কুলদীপ সেন

7. লক্ষ্ণৌ চুপাৰ জায়েণ্টছ (LSG Full Squad)

মুঠ খেলুৱৈ: 24 (6 বিদেশী)

বেটছমেন: এডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, আয়ুষ বাডোনি, হিম্মত সিং, মেথিউ ব্ৰিটশ্কে

উইকেটকীপাৰ: ঋষভ পন্ত, নিকোলাছ পুৰাণ, আৰ্যন জুয়াল

অলৰাউণ্ডাৰ: আব্দুল চামাদ, মিচেল মাৰ্শ, শ্বাহবাজ আহমেদ, যুৱৰাজ চৌধুৰী, ৰাজবৰ্ধন হাংগাৰগেকাৰ, আৰ্শিন কুলকাৰ্ণী

স্পিনাৰ: ৰবি বিষ্ণৈই, এম সিদ্ধাৰ্থ, দিগেশ সিং

ফাষ্ট বলাৰ: ময়ংক যাদৱ, মহছিন খান, আকাশদীপ, আবেশ খান, আকাশ সিং, চমাৰ জোছেফ, ৰাজকুমাৰ যাদৱ

সম্ভাৱ্য প্লেয়িং-11: মিচেল মাৰ্শ, এডেন মাৰ্ক্ৰাম, ঋষভ পন্ত, নিকোলাছ পুৰাণ, আয়ুষ বাডোনি, আব্দুল চামাদ, ডেভিড মিলাৰ, মহছিন খান, আকাশদীপ, ৰবি বিষ্ণোই আৰু ময়ংক যাদৱ

ইমপেক্ট প্লেয়াৰ: শ্বাহবাজ আহমেদ/আৰ্যন জুয়াল

8. দিল্লী কেপিটেলছ (DC Full Squad)

মুঠ খেলুৱৈ: 23 (7 বিদেশী)

বেটছমেন: জেক ফ্ৰেজাৰ-মেকগুৰ্ক, হেৰী ব্ৰুক, ট্ৰিষ্টান ষ্টবচ (অক্ষত), ফাফ ডু প্লেচিছ, কৰুণ নায়াৰ

উইকেটকীপাৰ: কে এল ৰাহুল, অভিষেক পোৰেল, ডোনোভান ফেৰেৰা

অলৰাউণ্ডাৰ:অক্ষৰ পেটেল, আশুতোষ শৰ্মা, সমীৰ ৰিজভি, দৰ্শন নলকান্দে, বিপ্ৰাজ নিগম, অজয় মণ্ডল, মনৱন্ত কুমাৰ, ত্ৰিপুৰানা বিজয়, মাধৱ তিৱাৰী

স্পিনাৰ:কুলদীপ যাদৱ

ফাষ্ট বলাৰ: মিচেল ষ্টাৰ্ক, মুকেশ কুমাৰ, টি নটৰাজন, মোহিত শৰ্মা, দুষ্মন্ত চামিৰা

সম্ভাৱ্য প্লেয়িং-11: জেক ফ্ৰেজাৰ-মেকগুৰ্ক, কে এল ৰাহুল, অভিষেক পোৰেল, হেৰী ব্ৰুক, ট্ৰিষ্টান ষ্টবচ, আশুতোষ শৰ্মা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মিচেল ষ্টাৰ্ক, টি নটৰাজন আৰু মুকেশ কুমাৰ

ইমপেক্ট প্লেয়াৰ: সমীৰ ৰিজভি/মোহিত শৰ্মা

9. ৰাজস্থান ৰয়েলছ (RR Full Squad)

মুঠ খেলুৱৈ: 20 (6 বিদেশী)

বেটছমেন:যশস্বী জয়ছোৱাল, চিমৰন হেটমেয়াৰ, শুভম দুবে, বৈভৱ সূৰ্যবংশী

উইকেটকীপাৰ:সঞ্জু চেমচন, ধ্ৰুৱ জুৰেল, কুনাল সিং ৰাথোড়

অলৰাউণ্ডাৰ: ৰিয়ান পৰাগ, নীতিশ ৰাণা, যুধবীৰ সিং

স্পিনাৰ:ৱানিন্দু হাচাৰাংগা, মহেশ থিকশানা, কুমাৰ কাৰ্তিকেয়া

ফাষ্ট বলাৰ: জোফ্ৰা আৰ্চাৰ, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল, ফজলহক ফাৰুকি, কুৱেন্না এমফাকা, অশোক শৰ্মা

সম্ভাৱ্য প্লেয়িং-11: যশস্বী জয়ছোৱাল, সঞ্জু চেমছন, নীতিশ ৰাণা, ৰিয়ান পৰাগ, বৈভৱ সূৰ্যবংশী, চিমৰন হেটমেয়াৰ, ধ্ৰুৱ জুৰেল, ৱানিন্দু হাচাৰাংগা, সন্দীপ শৰ্মা, ফজলহক ফাৰুকী/জোফ্ৰা আৰ্চাৰ, তুষাৰ দেশপাণ্ডে

ইমপেক্ট প্লেয়াৰ: আকাশ মাধৱাল/শুভম দুবে

10. গুজৰাট টাইটানছ (GT Full Squad)

মুঠ খেলুৱৈ: শুভমন গিল, ছাই সুদৰ্শন, ৰাহুল তেৱাটিয়া, শ্বেৰফানে ৰাডাৰফৰ্ড

উইকেটকীপাৰ: জছ বাটলাৰ, কুমাৰ কুশগ্ৰা, অনুজ ৰাৱট

অলৰাউণ্ডাৰ: ৰছিদ খান, ৱাশ্বিংটন সুন্দৰ, এম শ্বাহৰুখ খান, মহিপাল লোমৰোৰ, নিশান্ত সিন্ধু, আৰ্শাদ খান, জয়ন্ত যাদৱ, গ্লেন ফিলিপছ, কৰিম জনট

স্পিনাৰ: মানৱ সুথাৰ, ছাই কিশোৰ

ফাষ্ট বলাৰ: কাগিচো ৰাবাডা, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, গেৰাল্ড কোয়েটজি, গুৰনুৰ ব্ৰাৰ, ঈশান্ত শৰ্মা, কুলৱন্ত খেজৰোলিয়া

সম্ভাৱ্য প্লেয়িং-11: শুভমন গিল, জছ বাটলাৰ, ছাই সুদৰ্শন, ৱাশ্বিংটন সুন্দৰ, গ্লেন ফিলিপছ, এম শ্বাহৰুখ খান, ৰছিদ খান, ৰাহুল তেৱাটিয়া, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, কাগিচো ৰাবাডা

ইমপেক্ট প্লেয়াৰ: ইশান্ত শৰ্মা/অনুজ ৰাৱট

লগতে পঢ়ক:আই পি এলৰ নিলামত কোটিপতি হৈয়েই বিপদত পৰিল এইগৰাকী খেলুৱৈ...

ABOUT THE AUTHOR

...view details