অসম

assam

22 মাৰ্চৰ পৰা আইপিএল আৰম্ভৰ সম্ভাৱনা; চলিব 26 মে'লৈ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:42 PM IST

BCCI on IPL 2024 : আইপিএল, ২০২৪ মাৰ্চ মাহত অনুষ্ঠিত হ'ব পাৰে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি ইয়াৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে । এই বিষয়ত সোনকালেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব পাৰে ।

22 মাৰ্চৰ পৰা আইপিএল আৰম্ভৰ সম্ভাৱনা
22 মাৰ্চৰ পৰা আইপিএল আৰম্ভৰ সম্ভাৱনা

স্পৰ্টছ ডেস্ক, ২২ জানুৱাৰী : ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া উৎসৱ 'আইপিএল'ৰ উৎসাহ লাহে লাহে আৰম্ভ হৈছে । এক প্ৰতিবেদন অনুসৰি, বিচিচিআয়ে অহা 22 মাৰ্চৰ পৰা 2024 বৰ্ষৰ আইপিএল আয়োজন কৰিব পাৰে বুলি আশা কৰা হৈছে । আনহাতে, এই প্ৰতিযোগিতা ২৬ মে'লৈকে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে টি-২০ বিশ্বকাপ, ২০২৪ আইপিএল সমাপ্ত হোৱাৰ ৫ দিন পিছত অনুষ্ঠিত হ'ব । ইতিমধ্যে টি-২০ বিশ্বকাপৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে ।

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'ব এইবাৰৰ টি-২০ বিশ্বকাপ । যদি ২৬ মে'লৈকে আইপিএল অনুষ্ঠিত হয়, তেন্তে ভাৰতে প্ৰথম মেচ ৯ দিন পিছত, ৫ জুনত খেলিব লাগিব । ইয়াৰ উপৰি খবৰ পোৱা গৈছে যে ডব্লিউপিএল ২২ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব । তাৰ পাঁচ দিন পিছত ২২ মাৰ্চৰ পৰা আইপিএল অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই ।

এনে পৰিস্থিতিত এইটোও আশা কৰা হৈছে যে যদি বিশ্বকাপৰ মাত্ৰ পাঁচ দিন পূৰ্বে আইপিএল সমাপ্ত হয়, তেন্তে বিদেশী খেলুৱৈসকলে ইয়াৰ পূৰ্বে বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাখনত মনোযোগ দিবলৈ মাজতে আইপিএল এৰি যাব পাৰে । উল্লেখ্য যে বৰ্তমান ভাৰতীয় দলৰ বেছিভাগ খেলুৱৈয়ে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা টেষ্ট শৃংখলাৰ বাবে অনুশীলন কৰি আছে । বিচিচিআয়ে বৰ্তমানলৈকে দুখন টেষ্ট মেচৰ বাবে দল ঘোষণা কৰিছে ।

উল্লেখ্য, বিগত বছৰৰ আইপিএল 31 মাৰ্চৰ পৰা 28 মে'লৈকে অনুষ্ঠিত হৈছিল । এইবাৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি ৯ দিন পূৰ্বে আইপিএল অনুষ্ঠিত কৰিব পাৰে ।

লগতে পঢ়ক :ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা, হায়দৰাবাদত উপস্থিত ইংলেণ্ড দল

ABOUT THE AUTHOR

...view details