নিউজ ডেস্ক, ৩০ এপ্ৰিল:নগদ ধনেৰে সমৃদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত দ্বিতীয়বাৰৰ বাবে পেনাল্টিৰ সন্মুখীন হোৱা কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ পেচাৰ হৰ্ষিত ৰানাক ১০০ শতাংশ মেচ ফী জৰিমনা বিহা হৈছে । সোমবাৰে কলকাতাৰ বিখ্যাত ইডেন গাৰ্ডেনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত সোঁহাতৰ পেচাৰগৰাকীয়ে আচৰণ বিধি ভংগ কৰাৰ বাবে তেওঁক এখন খেলৰ বাবে নিলম্বন কৰা হয় ।
আই পি এল কৰ্তৃপক্ষৰ এক বিবৃতি অনুসৰি, "টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৪৭ নং মেচত আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰ হৰ্ষিত ৰাণাক তেওঁৰ মেচ ফীৰ ১০০ শতাংশ জৰিমনা বিহাৰ লগতে এখন মেচৰ বাবে নিলম্বন কৰা হৈছে ।" (আই পি এল) ২০২৪ চনৰ ২৯ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত তেওঁ আচৰণ বিধি ভংগ কৰিছিল ।"