অসম

assam

ETV Bharat / sports

কেতিয়াও শূন্যত আউট নোহোৱা বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেটাৰসকল

Never got out on duck: প্ৰতিবেদনখনত সেইসকল ভাৰতীয় ক্ৰিকেটাৰৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে আন্তৰ্জাতিক ক্ৰিকেটত কেতিয়াও শূন্যত আউট হোৱা নাই ।

CRICKETERS NEVER GOT OUT ON DUCK
ৰবিচন্দ্ৰন অশ্বিন আৰু ইৰফান পাঠান (ANI and IANS)

By ETV Bharat Sports Team

Published : 4 hours ago

স্প’ৰ্টছ ডেস্ক:প্ৰতিগৰাকী ক্ৰিকেটাৰেই দেশৰ হৈ খেলি নিজৰ দলক জয়ী কৰোৱাৰ সপোন দেখে ৷ কিন্তু কোনেও শূন্যত আউট হোৱাৰ কথা নাভাবে । কেতিয়াবা এটা বেয়া শ্বট বা দ্ৰুতভাৱে ৰাণ সংগ্ৰহ কৰাৰ প্ৰয়োজনীয়তাৰ ফলত অথবা নন-ষ্ট্ৰাইকাৰৰ ভুলৰ ফলতো ক্ৰিজত থকা বেটছমেনগৰাকী আউট হ'ব পাৰে ।

সেয়েহে এগৰাকী বেটছমেন শূন্যত আউট হোৱাটো ক্ৰিকেটত সচৰাচৰ দেখা যায় ৷ কিন্তু একাংশ বেটছমেন এই নিয়মৰ ব্যতিক্ৰম হোৱাও পৰিলক্ষিত হয় আৰু কমেও এটা ফৰ্মেটত কেতিয়াও শূন্যত আউট হোৱা দেখা নাযায় ৷

1974 চনত ভাৰতে এদিনীয়া ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ পাছৰে পৰা মুঠ 256 জন ক্ৰিকেটাৰে এদিনীয়া ক্ৰিকেটত দেশক প্ৰতিনিধিত্ব কৰিছে । অৱশ্যে, মাত্ৰ এনে এগৰাকী ক্ৰিকেটাৰ আছে, যি কেতিয়াও শূন্যত আউট হোৱা নাই ৷ তেওঁ হৈছে ভাৰতৰ প্ৰাক্তন মিডল অৰ্ডাৰ বেটছমেন আৰু 1983 চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ সদস্য যশপাল শৰ্মা ।

1978 চনৰ পৰা 1985 চনলৈ ভাৰতীয় এদিনীয়া ক্ৰিকেটত মিডল অৰ্ডাৰ বেটছমেন হিচাপে জনাজাত যশপাল শৰ্মাই 42 খন মেচ খেলি টীম ইণ্ডিয়াৰ এজন নিৰ্ভৰযোগ্য খেলুৱৈ হৈ পৰিছিল ৷ এই সময়ত ক্ৰিকেটাৰগৰাকী কেতিয়াও শূন্যত আউট হোৱা নাছিল ৷

40 টাতকৈ অধিক ইনিংছত শৰ্মাই 28.48 গড়ে 883 ৰাণ সংগ্ৰহ কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ ষ্ট্ৰাইক ৰেট আছিল 63.02 ৷ ক্ৰিকেটাৰগৰাকীয়ে এই সময়চোৱাত 52 টা চাৰি আৰু 10 টা ছয়ৰে সজাইছিল এই ইনিংছ ৷

যশপাল শৰ্মাৰ উপৰিও ব্ৰিজেশ পেটেল, ৰবিচন্দ্ৰন অশ্বিন আৰু ইৰফান পাঠান হৈছে আন কেইগৰাকীমান বেটছমেন, যিয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত কেতিয়াও শূন্য ৰাণত আউট নোহোৱাকৈ বিভিন্ন ফৰ্মেটত আগবঢ়াইছিল উৎকৃষ্ট অৱদান ৷

টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰাক্তন বেটছমেন ব্ৰিজেশ পেটেলে একে ধৰণৰ স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছিল । 1974 চনৰ পৰা 1977 চনৰ ভিতৰত 21 খন টেষ্ট খেলি পেটেলে 29.45 গড়ে সংগ্ৰহ কৰে 972 ৰাণ । কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ অপৰাজিত 115 ৰাণৰ ইনিংছে খেলুৱৈগৰাকীক অনন্য কৰি তোলে ৷ তেওঁ টেষ্ট ফৰ্মেটত খেলা 38 টা ইনিংছত শূন্যত আউট নহৈ গঢ়ে অভিলেখ ৷

টি-20 ফৰ্মেটত ৰবিচন্দ্ৰন অশ্বিন আৰু ইৰফান পাঠান হৈছে একমাত্ৰ খেলুৱৈ, যিয়ে ল’ৱাৰ অৰ্ডাৰ বেটছমেন হোৱা স্বত্বেও কেতিয়াও শূন্য ৰাণত আউট হোৱা নাছিল ৷ 65 খন টি-20 খেলত অশ্বিনে 19 বাৰ বেটিং কৰিছিল আৰু সেই ইনিংছৰ 12 খনতে অপৰাজিত হৈ আছিল ৷

আনহাতে, 2006 ৰ পৰা 2012 চনৰ ভিতৰত ইৰফান পাঠানে 24 খন খেলত 14 টা ইনিংছত শূন্যত আউট নোহোৱাকৈ সংগ্ৰহ কৰে 172 ৰাণ ৷ যাৰ ফলত ভাৰতৰ বেটিং লাইনআপত বৃদ্ধি পায় গভীৰতা ।

লগতে পঢ়ক:উৎকৃষ্ট প্ৰদৰ্শন স্বত্বেও পুনে টেষ্টৰ পৰা বাদ পৰিল নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ

ABOUT THE AUTHOR

...view details