স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ:বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভাৰতীয় হকী তাৰকা ৰাণী ৰামপালৰ ৷ দেওবাৰে পুৱা সামাজিক মাধ্যমৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে তাৰকা খেলুৱৈগৰাকীয়ে ৷
ৰাণী ৰামপালে শেহতীয়াকৈ কানাডাৰ পৰা আহি উপস্থিত হৈছিল ভাৰতত ৷ বিমানযোগে অহা খেলুৱৈগৰাকীৰ বয়-বস্তু থকা বেগটো বিমান কৰ্মচাৰীৰ গাফিলতিৰ বাবে বিনষ্ট হৈ পৰে ৷ যাৰ বাবে ৰাণীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ নজৰলৈ আনে ৷
ছুটীৰ সময় কটাবলৈ শেহতীয়াকৈ খেলুৱৈগৰাকীয়ে ভ্ৰমণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ দৰে দুখনকৈ দেশ ৷ অৱশ্যে এই সুন্দৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত হোৱা খেলুৱৈগৰাকীৰ আনন্দ নিমিষতে ম্লান পৰে, যেতিয়া বিমানবন্দৰত বয়-বস্তুৰ কাউণ্টাৰত নিজৰ ভঙা বেগটো প্ৰত্যক্ষ কৰে ৷
পৰৱৰ্তী সময়ত হকী তাৰকাগৰাকীয়ে সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াক লক্ষ্য কৰি পোষ্ট কৰে ৷ পোষ্টটো আছিল এনেধৰণৰ- "এই আশ্চৰ্যকৰ অভিজ্ঞতাৰ বাবে এয়াৰ ইণ্ডিয়াক ধন্যবাদ । আপোনালোকৰ কৰ্মচাৰীসকলে আমাৰ বেগবোৰ এনেদৰে ব্যৱহাৰ কৰে । কানাডাৰ পৰা ভাৰতলৈ আহি দিল্লীত অৱতৰণ কৰাৰ পিছতহে মই মোৰ বেগটো ভঙা দেখিছিলো" ৷