স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: 2024 বৰ্ষটো অন্যান্য বছৰসমূহৰ তুলনাত ভাৰতীয় ক্ৰিকেটৰ বাবে আশাপ্ৰদ বছৰ আছিল । এই বছৰতে টীম ইণ্ডিয়াই সুদীৰ্ঘ 17 বছৰৰ পিছত টি-20 বিশ্বকাপৰ খিতাপ জিকিছিল ।
কিন্তু 2024 চনত ভাৰতৰ বহুকেইগৰাকী তাৰকা ক্ৰিকেটাৰে ক্ৰিকেটক জনাই চিৰবিদায় । গতিকে আপোনালোকক এনে 5 গৰাকী ক্ৰিকেটাৰৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে এইবছৰ ক্ৰিকেটক বিদায় জনাইছে ।
- শিখৰ ধৱন: ভাৰতৰ তাৰকা অপেনিং বেটছমেন শিখৰ ধৱনে 2024 চনৰ 24 আগষ্টত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেওঁ ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-20 ৰ সকলো ফৰ্মেটতে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে । তেওঁ দেশৰ হকে বিশ্বকাপকে ধৰি বহুতো আই চি চি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে ।
- দীনেশ কাৰ্তিক: ভাৰতৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকেও এই বছৰ ক্ৰিকেটক বিদায় জনাইছে । কাৰ্তিকে 1 জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায় । কাৰ্তিকে ভাৰতৰ হৈ বহুসময়ত স্মৰণীয় ইনিংছ খেলিছে । তেওঁ ভাৰতৰ হৈ 26 খন টেষ্ট আৰু 92 খন এদিনীয়া খেলৰ লগতে 60 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷
- কেদাৰ যাদৱ: টীম ইণ্ডিয়াৰ হৈ ফিনিচাৰৰ ভূমিকা পালন কৰা কেদাৰ যাদৱেও এই বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । কেদাৰে 3 জুনত অৱসৰ গ্ৰহণ কৰিছিল । তেওঁ ভাৰতৰ হৈ 73 খন এদিনীয়া আৰু 9 খন টি-20 খেল খেলিছে । ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়াত 1,389 ৰাণ আৰু টি-20 ত 122 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰোপৰি, এদিনীয়া ক্ৰিকেটতো তেওঁ 27 টা উইকেট দখল কৰিছে ৷
- বৰুণ এৰন: নিজস্ব শৈলীৰে ভাৰতৰ হৈ সংবাদ শিৰোনাম দখল কৰা আৰু দ্ৰুতগতিত বেটছমেনসকলক বলেৰে আঘাত কৰা ফাষ্ট বলাৰ বৰুণ এৰনেও 2024 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । এৰনে ফেব্ৰুৱাৰীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল । তেওঁৰ কৰ্মজীৱনত কেইবাবাৰো গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁৰ কেৰিয়াৰ দীঘলীয়া কৰিব পৰা নাছিল । বৰুণে ভাৰতৰ হৈ 9 খন টেষ্টত 18 টা, 9 খন এদিনীয়াত 11 টা উইকেট দখল কৰিছে ।
- সৌৰভ তিৱাৰী: আই পি এলত চৰ্চালৈ অহা সৌৰভ তিৱাৰীক টীম ইণ্ডিয়াত এজন বিস্ফোৰক বেটছমেন হিচাপে দেখা গৈছিল ৷ কিন্তু তেওঁ কেৰিয়াৰত আগবঢ়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান আহি পৰিছিল ৷ তেওঁ ভাৰতৰ হৈ 3 খন এদিনীয়াত মাত্ৰ 49 ৰাণ সংগ্ৰহ কৰিছিল । 2010 চনৰ অক্টোবৰত তেওঁ বিশাখাপত্তনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচত আত্মপ্ৰকাশ কৰে । তেওঁ 12 ফেব্ৰুৱাৰীত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল ।
ভাৰতৰ ক্ৰিকেটাৰসকলে আগতে অৱসৰ লৈছিল, তাৰ পিছত তেওঁলোকে বিদায়ী মেচ খেলিবলৈ সুযোগ পাইছিল । এতিয়া এনেকুৱা এটা সময় আহিছে যে, বিখ্যাত তাৰকা ক্ৰিকেটাৰসকলেও অৱসৰৰ আগতে বিদায়ী মেচ খেলিবলৈ সুযোগ নাপায় । এনে ক্ৰিকেটাৰসকলৰ ভিতৰত গৌতম গম্ভীৰ, যুৱৰাজ সিঙৰ দৰে নামজ্বলা খেলুৱৈসকল আছে ।