অসম

assam

ETV Bharat / sports

গ্ৰাঁ প্ৰি ২০২৪ : ৰূপৰ পদকতে সন্তুষ্ট থাকিল লাভলীনা - Grand Prix 2024 boxing tournament

Grand Prix 2024 boxing tournament: চেক গণৰাজ্যত আয়োজিত গ্ৰাঁ প্ৰি ২০২৪ বক্সিং প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰ তথা অসমকন্যা লাভলীনা বৰগোঁহাইৰ ৰূপৰ পদক অৰ্জন । চীনৰ লি কিয়ানৰ হাতত পৰাজিত লাভলীনা । ৩ খন খেলৰ ২ খনতে পৰাজিত লাভলীনা । পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে বক্সাৰগৰাকীয়ে ।

Grand Prix 2024 boxing tournament
গ্ৰাঁ প্ৰি ২০২৪: ৰূপৰ পদকতে সন্তুষ্ট থাকিল লাভলীনা (ANI Photos)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 3:47 PM IST

স্প’ৰ্টছ ডেস্ক, ১৬ জুন :চেক গণৰাজ্যৰ গ্ৰাঁ প্ৰি উষ্টি নাদ লাবেমত মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে চীনৰ লি কিয়ানৰ হাতত পৰাজিত হয় । পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা লাভলীনাই শনিবাৰে ২-৩ ব্যৱধানত এছিয়ান গেমছৰ চেম্পিয়নৰ বিৰুদ্ধে অন্তিমখন খেলত পৰাজিত হয় ।

লাভলীনাই খেলখনত আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাইছিল যদিও জয়ী হ'ব নোৱাৰিলে । মাত্ৰ এক পইণ্টৰ বাবে লাভলীনাই খেলখনত পৰাজিত হয় আৰু স্বৰ্ণজয়ৰ পৰা বঞ্চিত হয় । দুবাৰৰ অলিম্পিক পদক বিজয়ী কিয়ানৰ নামত তিনিটা বিশ্ব চেম্পিয়নশ্বিপৰ পদক আছে । তাৰ ভিতৰত আছে এটা স্বৰ্ণ ।

কিয়ানে বিগত বছৰ এছিয়ান গেমছৰ চূড়ান্ত প্ৰতিযোগিতাত লাভলীনাক পৰাস্ত কৰিছিল । বিশ্ব বক্সিঙৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত মহিলাৰ ৭৫ কিল’গ্ৰাম শাখাত ৪ গৰাকী বক্সাৰ আছিল । লাভলীনা বৰগোঁহাই, ৰিফিউজি বক্সিং দলৰ চিণ্ডি নগাম্বা, চীনৰ কিয়ান আৰু ইংলেণ্ডৰ চেণ্টাল ৰিড । এই প্ৰতিযোগিতা ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে ।

লাভলীনা বৰগোঁহায়ে প্ৰতিযোগিতাখনত মাত্ৰ এখন খেলত জয়ী হৈছে । তিনিখন খেলৰ ভিতৰত দুখনত লাভলীনা পৰাজিত হয় । অসমৰ বক্সাৰগৰাকীয়ে ইংলেণ্ডৰ চেণ্টাল ৰিডৰ বিৰুদ্ধে প্ৰথম বাউটত জয়ী হৈছিল কিন্তু পিচত নাগাম্বা আৰু কিয়ানৰ হাতত পৰাজিত হয় ।

এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় ২৬ বছৰীয়া বক্সাৰগৰাকীয়ে দ্বিতীয়টো অলিম্পিক পদকৰ বাবে প্ৰস্তুতি চলাই আছে । লাভলীনা পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ষষ্ঠ ভাৰতীয় বক্সাৰৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকলৈ লাভলীনা : দ্বিতীয়বাৰলৈ অলিম্পিক পদক অৰ্জনৰ সপোন অসমকন্যাৰ দুচকুত - paris olympics 2024

ABOUT THE AUTHOR

...view details