অসম

assam

ETV Bharat / sports

সুস্থ শৰীৰে খেলপথাৰলৈ উভতিল অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া - Hardik Pandya injury

Hardik Pandya return to the field: বহুদিনৰ মূৰত খেলপথাৰলৈ উভতি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া । মুম্বাইত অনুষ্ঠিত হৈ থকা টি-২০ টুৰ্ণামেণ্টত বৰ্তমান তেওঁ খেলি আছে ৷

Hardik Pandya
Hardik Pandya return to the field

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 1:22 PM IST

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া উভতি আহিছে খেলপথাৰলৈ ৷ এই খবৰে তেওঁৰ লগতে টিম ইণ্ডিয়াৰ অনুৰাগীৰ মুখলৈ হাঁহি ঘূৰাই আনিছে । আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ আই পি এল ২০২৪ৰ পূৰ্বে ক্ৰিকেট খেলিবলৈ সাজু হৈছে খেলুৱৈগৰাকী । পাণ্ডিয়াই মুম্বাইৰ ডি ৱাই পাটিল টি-২০ কাপত খেলি আছে আৰু তেওঁ ৰিলায়েন্স ১ৰ অধিনায়ক হিচাপে দায়িত্ব চম্ভালি আছে ।

টিম ইণ্ডিয়াৰ বাবে এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া । বল আৰু বেট দুয়োটা ক্ষেত্ৰতে দললৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় খেলুৱৈগৰাকীয়ে । আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল । লীগ মেচত বাংলাদেশৰ বিৰুদ্ধে বলিং কৰি থাকোঁতে গোৰোহাত আঘাত পাইছিল তেওঁ । ইয়াৰ পিছত তেওঁ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল । তেতিয়াৰ পৰা এতিয়ালৈকে হাৰ্দিকে আঘাতৰ পৰা সুস্থ হ’বলৈ জোৰদাৰ ব্যায়াম কৰি আছিল । এনচিএত ফিটনেছ পাবলৈ তেওঁ বহুদিন প্ৰচুৰ অনুশীলন কৰিবলগীয়া হৈছিল ।

যোৱা সপ্তাহতহে এনচিএছৰ পৰা ফিটনেছ টেষ্টত উত্তীৰ্ণ হৈছিল হাৰ্দিক । এতিয়া তেওঁ এই প্ৰতিযোগিতাৰ জৰিয়তে খেলপথাৰলৈ উভতি আহিব । সকলোৱে তেওঁৰ পথাৰলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছিল । এতিয়া অৱশেষত তেওঁ খেলপথাৰলৈ উভতি আহিছে । টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে হাৰ্দিক সম্পূৰ্ণ ফিট হোৱাটো টিম ইণ্ডিয়াৰ বাবে এক ভাল লক্ষণ । ২০২৪ চনৰ টি-২০ বিশ্বকাপত তেওঁ ভাৰতৰ হৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে প্ৰমাণ কৰিব পাৰে । ভাৰতৰ হৈ ৯২খন মেচত ৩টা অৰ্ধশতকৰে ১৩৪৮ ৰান সংগ্ৰহ কৰি হাৰ্দিকে একে সংখ্যক মেচত ৭৩ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:টেষ্ট ক্ৰিকেটত 4000 ৰাণ সম্পূৰ্ণ কৰিলে হিটমেন ৰোহিত শৰ্মাই

ABOUT THE AUTHOR

...view details