স্পৰ্টছ ডেস্ক, 7 ফেব্ৰুৱাৰী : ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছেৰ হুছেইনে কয় যে যদি বিৰাট কোহলী টেষ্ট শৃংখলাৰ বাকী থকা মেচলৈ ঘূৰি আহে তেন্তে মেন ইন ব্লু দলে নিৰ্দয়ভাৱে খেলিব ৷ বৰ্তমান ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলা খেলি আছে আৰু শৃংখলা 1-1 ব্যৱধানত সমতা স্থাপন কৰিছে দলটোৱে ৷
শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে ৷ ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্টৰ পৰা আঁতৰি আছিল বিৰাট কোহলী ৷ শৃংখলাৰ শেষৰ তিনিখন মেচৰ বাবে দল এতিয়াও ঘোষণা হোৱা নাই আৰু 35 বছৰীয়া কোহলীক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷ লগতে তেওঁৰ দক্ষতাই দলটোৰ অনভিজ্ঞ বেটিং ইউনিটৰ মনোবল বৃদ্ধি কৰিব ৷
কোহলীৰ উভতি অহাৰ কথা চিন্তা কৰি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে কয় যে যদিহে তেওঁলোকৰ তাৰকা বেটছমেন গৰাকী চেটআপলৈ ঘূৰি আহে তেন্তে আয়োজক দলটোৱে নিৰ্দয়ভাৱে খেলিব ৷