অসম

assam

ETV Bharat / sports

প্ৰথম মেচত জয় লাভেৰে টি-২০ শৃংখলাত অগ্ৰগতি দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ - INDW vs SAW T20 Series

INDW vs SAW T20 Series : ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখন মেচৰ টি-২০ শৃংখলাত চেন্নাইত অনুষ্ঠিত প্ৰথমখন মেচত ১২ ৰাণত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৱ ১-০ৰ অগ্ৰগতি লাভ কৰে । তাজমিন ব্ৰিটছ হৈছে দলটোৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী । তেওঁৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ৮১ ৰাণ । আনহাতে, বলিং বিভাগত বলাৰসকলে সামূহিক প্ৰচেষ্টাৰে ভাৰতীয় বেটাৰসকলক বান্ধি ৰাখে ।

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:16 AM IST

INDW vs SAW T20 Series
দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দল (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৬ জুলাই :শুকুৰবাৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত আয়োজক দল ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলে ১২ ৰাণত বিজয় সাব্যস্ত কৰে । ইয়াৰ জৰিয়তে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত দক্ষিণ আফ্ৰিকাই ১-০ৰ অগ্ৰগতি লাভ কৰে ।

উল্লেখ্য যে, এইটো হৈছে ভাৰত ভ্ৰমণৰত দক্ষিণ আফ্ৰিকাৰ দলটোৰ প্ৰথম জয় । কিয়নো ইয়াৰ পূৰ্বে দলটোৱে এদিনীয়া শৃংখলা 0-3 আৰু একমাত্ৰ টেষ্টখনতো পৰাস্ত হৈছিল । ১৯০ ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণৰ পথত ভাৰতে এদিনীয়া শৃংখলাৰ পৰা ফৰ্ম অব্যাহত থকা অপেনাৰ স্মৃতি মন্ধানাৰ মাৰমুখী বেটিঙেৰে (৪৬) দৃঢ়তাপূৰ্ণ আৰম্ভণি প্ৰদান কৰে । তেওঁ শ্বেফালী বাৰ্মাৰ (12) সৈতে মাত্ৰ 5.2 অভাৰত প্ৰথম উইকেটত 56 ৰাণ সংগ্ৰহ কৰে ।

মেচখনত বেটাৰসকলে আধিপত্য বিস্তাৰ কৰে আৰু ভাৰতীয় বেটিং ইউনিটেও আৰম্ভণিতে পোৱা গতি অব্যাহত ৰাখিছিল । জেমিমা ৰড্ৰিগছে ধুমুহাৰ গতিত অপৰাজিত ৫৩ ৰাণৰ ইনিংছ উপহাৰ দিয়ে । আনহাতে, অধিনায়ক হৰমনপ্ৰীত কৌৰৰ বেটৰ পৰা আহে ৩৫ ৰাণ । চতুৰ্থ উইকেটত দুয়োৰে মাজত হোৱা পাৰ্টনাৰশ্বিপে ভাৰতক লক্ষ্যৰ ওচৰলৈ লৈ গৈছিল যদিও অৱশেষত ভাৰতে ১২ ৰাণত জয়ৰ পৰা থমকি ৰ'বলগা হয় । দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে এক সামূহিক প্ৰয়াসেৰে এই বিজয় সাব্যস্ত কৰে ।

খেলৰ আৰম্ভণিতে ভাৰতে টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাক বেট ধৰিবলৈ আমন্ত্ৰণ জনায় । অৱশ্যে হৰমনপ্ৰীত কৌৰে লোৱা প্ৰথমে বলিঙৰ সিদ্ধান্তই বিপক্ষকহে সহায় কৰে । কিয়নো দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলক ক্ৰীজত যথেষ্ট সতেজ দেখা গৈছিল । লৌৰা ৱ'লভাৰ্ডটক (৩৩) স্পিনাৰ ৰাধা যাদৱে আউট কৰাৰ পূৰ্বে তাজমিন ব্ৰিটছৰ (৮১) সৈতে প্ৰাৰম্ভিক উইকেটত ৫০ ৰাণ যোগ দিয়ে । তাৰ পিছত মাৰিজান কাপে (৫৭) ব্ৰিটছৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি দ্বিতীয় উইকেটত ৯৬ ৰাণ যোগ কৰে ।

এই পাৰ্টনাৰশ্বিপেই দলটোক এক সুবিধাজনক স্থিতিত উপনীত হোৱাত সহায় কৰে আৰু স্ক'ৰবোৰ্ডত ৪ উইকেটত ১৮৯ ৰাণ সংগ্ৰহ কৰে । মেচখনত ব্ৰিটছৰ ইনিংছটো মুখ্য আকৰ্ষণ আছিল । তেওঁ মাত্ৰ ৫৬ টা বলত তিনিটা ছয়েৰে ৮১ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ভাৰতৰ ৰাধা যাদৱ আৰু পেচাৰ পূজা বস্ত্ৰকাৰে দুটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক :ভাৰত বনাম জিম্বাব'ৱে : এইসকল ভাৰতীয় বলাৰৰ ওপৰত থাকিব সকলোৰে দৃষ্টি - IND vs ZIM T20
লগতে পঢ়ক :ৰোহিত-বিৰাটলৈ ভিষ্টাৰা এয়াৰলাইনছৰ বিশেষ উপহাৰ - Team India Vijay Yatra

ABOUT THE AUTHOR

...view details