অসম

assam

ETV Bharat / sports

তৃতীয়খন T-20ত জিম্বাব’ৱেৰ বিৰুদ্ধে 23 ৰাণত জয়লাভ ভাৰতৰ - IND VS ZIM

INDIA VS ZIMBABWE : হাৰাৰেত তৃতীয়খন T-20ত জিম্বাব’ৱেৰ বিৰুদ্ধে 23 ৰাণত জয়লাভ কৰিছে ভাৰতে ৷ T-20 বিশ্বকাপত ভাৰতীয় দলৰ অংশ হোৱা উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমচন আৰু যশস্বী জয়ছোৱালে আজিৰ মেচখনত দললৈ পুনৰ প্ৰত্যাৱৰ্তন ঘটে ৷

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:51 PM IST

Updated : Jul 10, 2024, 7:58 PM IST

INDIA VS ZIMBABWE
ভাৰত-জিম্বাব’ৱেৰ যুঁজ (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 10 জুলাই :হাৰাৰে স্পৰ্টছ ক্লাবত আজি অনুষ্ঠিত হোৱা তৃতীয়খন T-20 মেচত ভাৰতে জিম্বাব’ৱেক 23 ৰাণত পৰাস্ত কৰি শৃংখলাটোত 2-1 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ 183 ৰাণৰ লক্ষ্য লৈ জিম্বাব’ৱে দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতৰ শক্তিশালী বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি আত্মসমৰ্পন কৰে ৷ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰে ৷ দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰিয়েই ভাৰতীয় বলিং আক্ৰমণত দিশহাৰা হৈ পৰে ৷ দলটোৱে 6.6 অভাৰতে দলীয় 39 ৰাণত 5 টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ৷

ডিয়ন মেয়াৰ্ছে দলক উদ্ধাৰৰ বাবে কিছু চেষ্টা চলাইছিল যদিও আন কোনো বেটছমেনে তেওঁক সহযোগ কৰিবলৈ সক্ষম নহ’ল ৷ ভাৰতৰ তীক্ষ্ণ বলিং আক্ৰমণত এজন এজনকৈ সকলো পেভিলিয়নমুখী হয় ৷ ডিয়ন মেয়াৰ্ছে 49 টা বলৰ সন্মুখীন হৈ 65 ৰাণত অপৰাজিত হৈ থাকে ৷ উইকেট কীপাৰ বেটছমেন ক্লাইভ মাডাণ্ডে 37 ৰাণৰ এটা ইনিংছ খেলে ৷ ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ তেওঁ 4 অভাৰত 15 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ ইফালে আভেশ খানে 2 টা আৰু খলিল আহমেদে 1 টা উইকেট দখল কৰে ৷

প্ৰথমে বেটিং কৰি ভাৰতে জিম্বাব’ৱেক 183 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ শুভমন গীলৰ অধিনায়কোচিত বেটিঙৰ সহায়ত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক শুভমন গীলে 44 টা বলৰ সন্মুখীন হৈ 66 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷ অ’পেনাৰ যশস্বী জয়ছোৱালে 27 বলত 36 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰুতুৰাজ গাইকোৱাডে 28 টা বলৰ সন্মুখীন হৈ 49 ৰাণৰ এক ইনিংছ খেলে ৷ দ্বিতীয়খন মেচত শতক অৰ্জন কৰা নৱাগত অভিষেক শৰ্মা (10) আজি ব্যৰ্থ হয় ৷ ইফালে উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমচন আৰু ৰিংকু সিঙে ক্ৰমে 12 আৰু 1 ৰাণত অফৰাজিত হৈ থাকে ৷ জিম্বাব’ৱেৰ হৈ ব্লেছিং মুজাৰাবানী আৰু ছিকন্দৰ ৰাজাই দুটাকৈ উইকেট দখল কৰে ৷

ইফালে আজিৰ মেচখনৰ বাবে ভাৰতীয় দলত কিছু সাল-সলনি ঘটায় ৷ T-20 বিশ্বকাপত ভাৰতীয় দলৰ অংশ হোৱা উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমচন আৰু যশস্বী জয়ছোৱালে আজিৰ মেচখনৰ জৰিয়তে দললৈ পুনৰ প্ৰত্যাৱৰ্তন ঘটাই ৷ দুয়োজন খেলুৱৈয়ে আজিৰ মূল একাদশত স্থান লাভ কৰে ৷ আনহাতে প্ৰথম দুখন মেচত মূল একাদশত স্থান লাভ কৰা অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ আজিৰ মেচখনৰ পৰা বাদ পৰে ৷

লগতে পঢ়ক :বুমৰাহ-মন্ধানা আই চি চিৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত - ICC Player Of The Month Award

Last Updated : Jul 10, 2024, 7:58 PM IST

ABOUT THE AUTHOR

...view details