অসম

assam

ETV Bharat / sports

পাকিস্তানক ধূলিসাৎ কৰাৰ উদ্দেশ্যৰে দেওবাৰে ক্ৰিজত নামিব ভাৰত - ICC WOMENS T20 WORLD CUP 2024

IND vs PAK: আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ৰ প্ৰথম মেচত নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়ৰ পিছত দেওবাৰে মুখামুখি হ’ব পাকিস্তানৰ ৷

By ETV Bharat Sports Team

Published : 4 hours ago

ICC WOMENS T20 WORLD CUP 2024
ভাৰত বনাম পাকিস্তান (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ:আই চি চি মহিলা টি-20 বিশ্বকাপ 2024 ত ভাৰতে দ্বিতীয়খন খেলত মুখামুখি হ’ব পাকিস্তানৰ ৷ দেওবাৰে ডুবাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ ভাৰতৰ অধিনায়কৰ দায়িত্বত আছে হৰমনপ্ৰীত কৌৰ ৷ বিপৰীতে পাকিস্তানৰ দলটোৰ নেতৃত্ব বহন কৰিব ফাতিমা ছানাই ৷

মেচখনৰ টছ অনুষ্ঠিত হ’ব আবেলি 3 বজাত ৷ লগতে ইয়াৰ সম্প্ৰচাৰ 3.30 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ ক্ৰিকেটপ্ৰেমীসকলে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত এই মেচখনৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব ৷ সমান্তৰালকৈ মেচখনৰ লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত কৰা হ'ব ।

শৃংখলাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ হাতত 58 ৰাণত পৰাজিত হোৱাৰ পিছত ভাৰতীয় দলটো সন্মুখীন হ’ব পাকিস্তানৰ ৷ পাকিস্তানে ইতিমধ্যে শ্ৰীলংকাক 31 ৰাণত পৰাস্ত কৰি আত্মবিশ্বাস অটুট ৰাখিছে ৷

ভাৰত-পাকিস্তানৰ মুখামুখি

ভাৰত আৰু পাকিস্তানৰ মহিলা ক্ৰিকেট দলৰ মাজত এতিয়ালৈকে অনুষ্ঠিত হৈছে মুঠ 15 খন টি-20 মেচ ৷ ভাৰতীয় ক্ৰিকেট দলে ইয়াৰে 12 খন মেচত জয় লাভ কৰাৰ বিপৰীতে পাকিস্তানে জিকিছে মাত্ৰ 3 খন মেচতহে ৷

ডুবাই ষ্টেডিয়ামৰ পিটচ ৰিপ’ৰ্ট

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ বিষয়ে ক’বলৈ হ’লে, ইয়াত গড় স্ক’ৰ হৈছে মাত্ৰ 90 ৰাণ । কিন্তু অন্তিমখন খেলত নিউজিলেণ্ডে প্ৰথম ইনিংছত 160 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে সংগ্ৰহ কৰিছিল 102 ৰাণ ৷ এনে হ’লে এনেধৰণৰ পিটছত টছ জিকাৰ পিছত প্ৰথমে বেটিং কৰাটোৱে দল দুটাৰ বাবে সহায়ক হ'ব ।

বৰ্তমানলৈকে মহিলা দলৰ 5 খন টি-20 মেচ ইয়াত অনুষ্ঠিত হৈছে । বিগত সময়ত ভাৰতে দুখন মেচত প্ৰথমে আৰু 3 খন মেচত দ্বিতীয় ইনিংছত বেটিং কৰে ৷

ভাৰত-পাকিস্তানৰ মূল একাদশ

ভাৰত -শ্বেফালী বাৰ্মা, স্মৃতি মন্ধানা, জেমিমা ৰড্ৰিগছ, হৰমনপ্ৰীত কৌৰ(অধিনায়ক), ৰিচা ঘোষ (উইকেটকীপাৰ), শ্ৰেয়ংকা পাটিল, দীপ্তি শৰ্মা, পূজা বস্ত্ৰকাৰ, আশা শোভানা, ৰাধা যাদৱ, ৰেণুকা সিং ।

পাকিস্তান - মুনিবা আলী (ৱিকে), গুল ফিৰোজা, চিদ্ৰা আমিন, ওমাইমা চোহেল, নিদা দাৰ, টুবা হাছান, ফাতিমা ছানা (গ), আলিয়া ৰিয়াজ, ডায়েনা বেগ, নাশ্ৰা সান্ধু, সাদিয়া ইকবাল ৷

লগতে পঢ়ক:মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ প্ৰথমখন মেচত ভাৰতৰ শোচনীয় পৰাজয় - ICC T20 WOMENS WORLD CUP 2024

ABOUT THE AUTHOR

...view details