অসম

assam

ETV Bharat / sports

তৃতীয় টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৰাণৰ পাহাৰ, গঢ়িলে কেইবাটাও অভিলেখ

হায়দৰাবাদত ভাৰতীয় বেটাৰৰ বিক্ৰম । দিশহাৰা বাংলাদেশ ।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 10:56 PM IST

IND vs BAN Match Record
হায়দৰাবাদত ভাৰতীয় বেটাৰৰ বিক্ৰম (AP)

স্প’ৰ্টছ ডেস্ক, 12 অক্টোবৰ:ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত শনিবাৰে ভাৰতে প্ৰথমে বেটিং কৰি ২৯৭ ৰাণৰ পৰ্বতসদৃশ স্ক'ৰ সংগ্ৰহ কৰে । হায়দৰাবাদত অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলটোৱে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

টি-২০ত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰাণ

ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে বেটছমেনসকলৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে টি-২০ৰ দ্বিতীয় সৰ্বাধিক ৰাণ কৰে । ইয়াৰ পূৰ্বে নেপালে মঙ্গোলিয়াৰ বিৰুদ্ধে টি-20ত অভিলেখ গঢ়িছিল । নেপালে ২০২৩ চনৰ ছেপ্টেম্বৰত মঙ্গোলিয়াৰ বিৰুদ্ধে ২০ অভাৰত ৩১৪ ৰাণ সংগ্ৰহ কৰিছিল । এয়া হৈছে টি-20 খেলত যিকোনো দলৰ দ্বাৰা সৰ্বাধিক স্ক'ৰ । অৱশ্যে দুয়োটা দলেই আইচিচিৰ সকলো ফৰ্মেটত খেলিবলৈ যোগ্য়তা অৰ্জন কৰা নাই ।

ভাৰতীয় দলটো হৈছে টেষ্ট মেচ খেলা দলসমূহৰ ভিতৰত সৰ্বাধিক টি-২০ স্ক'ৰ কৰা দল । ইয়াৰ পূৰ্বে আফগানিস্তানে আয়াৰলেণ্ডৰ বিৰুদ্ধে 278 ৰাণ সংগ্ৰহ কৰিছিল । এই অভিলেখ আজি ভাৰতীয় দলটোৱে ২৯৭ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ভংগ হয় । ইয়াৰ উপৰি ভাৰতীয় দলটোৱে পূৰ্বৰ সৰ্বাধিক টি-20 স্ক'ৰৰ অভিলেখ ভংগ কৰিছে । ভাৰতে ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে 260 ৰাণ সংগ্ৰহ কৰিছিল ।

এটা ইনিংছত সৰ্বাধিক বাউণ্ডেৰীৰ অভিলেখ

বাংলাদেশৰ বিৰুদ্ধে আজিৰ এই খেলখনত ভাৰতে এটা ইনিংছত সৰ্বাধিক বাউণ্ডেৰী কোবোৱাৰ অভিলেখ গঢ়িছে । টীম ইণ্ডিয়াই এই ইনিংছত 47 টা বাউণ্ডেৰী কোবাই আন্তৰ্জাতিক টি-20 মেচত আন এক অভিলেখ ৰচনা কৰিলে । ইয়াৰ পূৰ্বে চেক গণৰাজ্য আৰু তুৰ্কীৰ মাজৰ খেলখনত তুৰ্কীয়ে 43 টা বাউণ্ডেৰী কোবাইছিল ।

সঞ্জুৰ ষষ্ঠ দ্ৰুততম টি-২০ শতক

ভাৰতীয় দলৰ অপেনাৰ সঞ্জু চেমছনে এই খেলখনত শতক অৰ্জন কৰে । বিশ্বৰ ষষ্ঠ দ্ৰুততম শতৰ অৰ্জনকাৰী বেটছমেন হিচাবে তেওঁ ৰচনা কৰে এই অভিলেখ । সঞ্জুৱে ৪০ টা বলত শতক সম্পূৰ্ণ কৰে । ইয়াৰ উপৰি তেওঁ আইচিচিৰ সম্পূৰ্ণ সদস্য দলত দ্ৰুততম শতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন হিচাপে এই কৃতিত্ব অৰ্জন কৰে ।

১০ অভাৰত তৃতীয় সৰ্বাধিক স্ক'ৰ

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে বেটিং কৰি প্ৰথম 10 অভাৰত 152 ৰাণ সংগ্ৰহ কৰে । এয়া হৈছে প্ৰথম 10 অভাৰত তৃতীয় সৰ্বাধিক স্ক'ৰ । সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ অষ্ট্ৰেলিয়াৰ নামত আছে । অষ্ট্ৰেলিয়াই এই বছৰতেই স্কটলেণ্ডৰ বিৰুদ্ধে 156 ৰাণ সংগ্ৰহ কৰিছে ।

পাৱাৰপ্লেত সৰ্ববৃহৎ স্ক'ৰ

ভাৰতীয় দলটোৱে এই খেলখনত পাৱাৰ প্লেত সৰ্ববৃহৎ স্ক'ৰ সংগ্ৰহ কৰিছে । টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে প্ৰথম 6 অভাৰত 82 ৰাণ সংগ্ৰহ কৰে, যিটো পাৱাৰপ্লেত দলটোৰ সৰ্বাধিক স্ক'ৰ । ইয়াৰ পূৰ্বে ভাৰতেই স্কটলেণ্ডৰ বিৰুদ্ধে 82 আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 78 ৰাণ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক:বাংলাদেশক ধূলিস্যাৎ কৰি টি 20 শৃংখলা দখল ভাৰতৰ

বিশ্বকাপৰ ছেমি ফাইনেলৰ দিশে ভাৰত; শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়

ABOUT THE AUTHOR

...view details