মেলবোৰ্ণ :বক্সিং ডে' টেষ্টত প্ৰাৰম্ভিক অগ্ৰগতি অষ্ট্ৰেলিয়াৰ । বৃহস্পতিবাৰৰ পৰা মেলবোৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ প্ৰথমদিনা অপেনাৰ ছেম কনষ্টাছ আৰু ওছমান খোৱাজাই অষ্ট্ৰেলিয়াক সুন্দৰ আৰম্ভণি প্ৰদান কৰে ।
মধ্যাহ্নভোজনৰ সময়ত অষ্ট্ৰেলিয়া ১ উইকেটৰ বিনিময়ত ১১২ ৰাণ সংগ্ৰহ কৰি এক দৃঢ়তাপূৰ্ণ আৰম্ভণি কৰিছে । ওছমান খোৱাজা (৩৮*) আৰু মাৰ্নাছ লাবুচাগেন (১২*) ক্ৰীজত আছে ।
বৃহস্পতিবাৰে বক্সিং ডে' টেষ্টৰ প্ৰথম ছেছনটো আছিল নৱাগত চেম কনষ্টাছৰ নামত । ১৯ বছৰীয়া এইগৰাকী যুৱ ক্ৰিকেটাৰে এম চি জিত এক নিৰ্ভীক ক্ৰিকেট খেলি অষ্ট্ৰেলিয়াক মেচখনত প্ৰাৰম্ভিক সুবিধা প্ৰদান কৰে ।
কনষ্টাছ আৰু খোৱাজাই অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰি ৮৯ ৰাণৰ পাৰ্টনাৰশ্বিপেৰে এক দৃঢ়তাপূৰ্ণ আৰম্ভণি প্ৰদান কৰে আৰু পূৰ্বৰ মেচখনত ঘৰুৱা দলটোৰ অপেনিং ব্যৰ্থতাক সমাপ্ত কৰে ।
ইয়াৰ বিপৰীতে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ নেতৃত্বত ভাৰতৰ বলিং আক্ৰমণে প্ৰথম ছেছনত সফলতা লাভ কৰিবলৈ সংগ্ৰাম কৰিবলগা হয় । কিয়নো অষ্ট্ৰেলিয়ান অপেনাৰদ্বয়ে সুন্দৰভাৱে ইনিংছ আগবঢ়াই নি পাৰ্টনাৰশ্বিপ গঢ়ে । এই ক্ষেত্ৰত অধিক আক্ৰমণাত্মক আছিল কনষ্টাছ । তেওঁ উইকেটৰ চাৰিওফালে কোবাই দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰে ।
কনষ্টাছে এক সাহসিক ইনিংছ উপহাৰ দিয়ে আৰু কোনো ভয় নোহোৱাকৈ বুমৰাহৰ পেচ আক্ৰমণৰ মুখামুখি হয় । তেওঁ ক্ৰিজত থকা অৱস্থাত এনে অনুভৱ হোৱা নাছিল যে ১৯ বছৰীয়া যুৱকজনে প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলি আছে । আনহাতে, যশপ্ৰীত বুমৰাহেও কনষ্টাছৰ সন্মুখত অসহায় অনুভৱ কৰা যেন পৰিলক্ষিত হয় আৰু তেওঁৰ সকলো ফৰ্মেটৰ ক্ৰিকেটত অপেনিং স্পেলত আটাইতকৈ বেছি ৰাণ খৰচ কৰে ।