অসম

assam

ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা, বাকী ৩ খন টেষ্টৰ পৰাও বাহিৰ বিৰাট কোহলী

IND vs ENG Test series: ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ বাকী থকা ৩ খন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা । ব্যক্তিগত কাৰণত বিৰাট কোহলী পুনৰ এবাৰ দলত নাথাকিব । পেচাৰ আকাশ দ্বীপক দলত অন্তৰ্ভুক্ত ।

By ANI

Published : Feb 10, 2024, 2:01 PM IST

IND vs ENG Test series
বাকী ৩ খন টেষ্টৰ পৰাও বাহিৰ বিৰাট কোহলী

স্পৰ্টছ ডেস্ক,১০ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা অব্যাহত আছে । ইতিমধ্যে দুয়োটা দলে দুখন টেষ্ট মেচ খেলিছে । য'ত দুয়োটা দলে এখনকৈ খেলত জয়ী হৈছে । এতিয়াও শৃংখলাটোৰ ৩ খন টেষ্ট বাকী আছে । তাৰ প্ৰাকক্ষণত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ইংলেণ্ডৰ বিৰুদ্ধে বাকী ৩ খন টেষ্টৰ বাবে দল ঘোষণা কৰিছে । লক্ষণীয়ভাৱে বাকী থকা টেষ্ট কেইখনতো দলত নাথাকিব তাৰকা বেটছমেন বিৰাট কোহলী । কোহলীয়ে ব্যক্তিগত কাৰণত বাকী থকা মেচ কেইখন খেলিব নোৱাৰিব । বিৰাটে প্ৰথম দুখন টেষ্ট মেচৰো দলৰ অংশ নাছিল। তেওঁ অন্তিমবাৰৰ বাবে জানুৱাৰীৰ আৰম্ভণিতে আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিছিল ।

বিচিচিআইয়ে এক বিবৃতিত কয় যে ব্যক্তিগত কাৰণত বিৰাট কোহলী শৃংখলাৰ বাকী অংশৰ বাবে বাছনিৰ বাবে উপলব্ধ নহ'ব । ব'ৰ্ডে কোহলীৰ সিদ্ধান্তক সম্পূৰ্ণ সন্মান আৰু সমৰ্থন কৰে বুলিও বিবৃতিত কোৱা হৈছে ।

ইফালে ছৰফৰাজ খান আৰু ৰজত পাতিদাৰক পুনৰ দলত স্থান দিয়া হৈছে । অৱশ্যে বেটছমেন কে এল ৰাহুল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ অংশগ্ৰহণ তেওঁলোকৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব ।

বিচিচিআইয়ে উল্লেখ কৰা মতে চিকিৎসা দলৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ পিচতহে ৰবীন্দ্ৰ জাদেজা আৰু কে এল ৰাহুলৰ অংশগ্ৰহণৰ কথা স্পষ্ট হ'ব । আঘাতৰ বাবে প্ৰথম দুখন টেষ্টত নথকা মহম্মদ ছামীও বাকী কেইখন টেষ্টৰ বাবে ঘোষণা কৰা দলত নাথাকিব । ইফালে পেচাৰ আকাশ দ্বীপক দলত অন্তৰ্ভুক্ত কৰা হৈছে । তৃতীয় টেষ্টখন ১৫ ফেব্ৰুৱাৰীত ৰাজকোটত আৰম্ভ হ'ব আনহাতে ২৩ ফেব্ৰুৱাৰীত ৰাঁচীত চতুৰ্থ টেষ্ট আৰম্ভ হ'ব । পঞ্চম তথা অন্তিম টেষ্ট ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ'ব ।

ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্ৱী জয়ছোৱাল, শুভমন গিল, কে এল ৰাহুল, ৰজত পাতিদাৰ, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), কে এছ ভৰত (উইকেটকীপাৰ), আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ আৰু আকাশ দ্বীপ ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকত মিক্সড ডাবলছ খেলিবলৈ সংগী নাই ৰোহন বোপান্নাৰ

ABOUT THE AUTHOR

...view details