কটক (ওড়িশা): কটকত খেলা দ্বিতীয়খন এদিনীয়া খেলত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে ভাৰতে । তিনিখনীয়া খেলৰ এদিনীয়া শৃংখলাৰ এই মেচখনত বাৰাবাটি ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৪৯.৫ অভাৰত ১০টা উইকেট হেৰুৱাই ৩০৪ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যক অনুসৰণ কৰি ভাৰতে ৩৩টা বল বাকী থকা অৱস্থাত ৬ উইকেট হেৰুৱাই ৪৪.৩ অভাৰত ৩০৫ ৰাণ সংগ্ৰহ কৰি ৪ উইকেটত জয়লাভ কৰে ।
ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক এই মেচত উজ্জ্বল শতক অৰ্জন কৰাৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় । তৃতীয়খন খেল ১২ ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন এদিনীয়াত জয়লাভ কৰি টীম ইণ্ডিয়াই ৩-০ ত শৃংখলাটো ক্লিন ছুইপ কৰিব বিচাৰিব ।
গিল আৰু ৰোহিত শৰ্মাৰ শতকীয় অংশীদাৰিত্ব
ভাৰতৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহিছিল ৰোহিত শৰ্মা আৰু শুভমন গিল । তেওঁলোকে ১৬.৪ অভাৰত ভাৰতৰ প্ৰথম উইকেট পতন ঘটালৈ ১৩৬ ৰাণৰ শতকীয় অংশীদাৰিত্ব কৰে । ভাৰতে গিলৰ ৰূপত প্ৰথমটো বিপৰ্যয় লাভ কৰে যেতিয়া জেমী অভাৰটনে তেওঁক ব্যক্তিগত ৬০ ৰাণত বল আউট কৰে । ইয়াৰ পিছত বিৰাট কোহলি ক্ৰীজলৈ আহিছিল যদিও ৫ ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত পেভেলিয়নমুখী হয় ।
ইফালে ৰোহিত শৰ্মাই ১১৯ ৰাণৰ শতক ইনিংছ খেলিছিল । ৯টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত তেওঁ ৭৬টা বলত শতক সম্পূৰ্ণ কৰে । হিটমেনে ১৭টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৯০টা বলত ১১৯ ৰাণৰ ইনিংছ খেলিছিল । ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে ৪৭টা বলত ৪৪ ৰাণৰ ইনিংছ খেলি ৰাণ আউট হয় ।