স্পৰ্টছ ডেস্ক, ১৮ আগষ্ট :অহা ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব পেৰিছ পেৰালিম্পিক ২০২৪ । পেৰালিম্পিকৰ বাবে সাজু হৈছে ভাৰতীয় খেলুৱৈসকল । প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ ভাৰতে ইতিমধ্যে ৮৪ জনীয়া খেলুৱৈৰ নাম উল্লেখ কৰিছে । পেৰালিম্পিক গেমছলৈ প্ৰেৰণ কৰা ভাৰতৰ এইটো সৰ্ববৃহৎ দল হ'ব । টকিঅ' পেৰালিম্পিক ২০২০ত ভাৰতে ৫৪ জনীয়া খেলুৱৈ এটা দল প্ৰেৰণ কৰিছিল । য'ত ১৪ গৰাকী মহিলা অন্তৰ্ভুক্ত আছিল । Olympics.comৰ তথ্য অনুসৰি পেৰিছ পেৰালিম্পিকত সেই সংখ্যা সামগ্ৰিকভাৱে ৮৪ লৈ বৃদ্ধি পাইছে আৰু ভাৰতীয় দলত ৩২ গৰাকী মহিলা অন্তৰ্ভুক্ত হৈছে ।
৩ টা নতুন ক্ৰীড়াত প্ৰতিদ্বন্দ্বিতা ভাৰতৰ :
ভাৰতে পেৰিছ পেৰালিম্পিকত তিনিটা নতুন ক্ৰীড়া ক্ৰমে পেৰা চাইক্লিং, পেৰা ৰোয়িং আৰু দৃষ্টিহীন বা ব্লাইণ্ড জুডোত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । যাৰ ফলত দেশৰ অংশগ্ৰহণ ১২ টা ক্ৰীড়ালৈ বৃদ্ধি হ'ব । সামগ্ৰিকভাৱে পেৰিছ ২০২৪ত ২২ টা ক্ৰীড়া অনুষ্ঠিত হ'ব । আৰ্শ্বাদ শাইকে পুৰুষৰ চি-২ পেৰা চাইক্লিং ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে জ্যোতি গাডেৰিয়াই মহিলাৰ চি-২ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । কপিল পাৰমাৰে দৃষ্টিহীন জুডোত পুৰুষৰ ৬০ কিলোগ্ৰাম জে-১ ইভেণ্টত অংশগ্ৰহণ কৰিব আৰু মহিলাৰ ৪৮ কিলোগ্ৰাম জে-২ ইভেণ্টত কোকিলাই প্ৰতিদ্বন্দিতা কৰিব । অনিতা আৰু কে. নাৰায়ণে পেৰা ৰোয়িঙত পিআৰ-৩ মিক্সড ডাবলছ স্কালত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।
সফল আছিল টকিঅ' পেৰালিম্পিক ২০২০ :
টকিঅ' পেৰালিম্পিক ২০২০ত ভাৰতৰ আটাইতকৈ সফল পেৰালিম্পিক গেমছ আছিল য'ত দেশখনে ৫ টা সোণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ ১৯ টা পদক লাভ কৰিছিল ।