স্পৰ্টছ ডেস্ক, ২৪ মে' :কুৱেইটৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ বাবে ২৭ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । শুকুৰবাৰে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে দলটো ঘোষণা কৰে । ঘোষিত দলটোত ফৰৱাৰ্ড পাৰ্থিৱ গগৈ আৰু ডিফেণ্ডাৰ মুহাম্মদ হাম্মাদক স্থান দিয়া হোৱা নাই । আনহাতে, দেশৰ কিংবন্তী ফুটবলাৰ সুনীল ছেত্ৰীৰ বাবে এইখন হ'ব অন্তিম মেচ । উল্লেখ্য, শেহতীয়াকৈ এক ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে অৱসৰ ঘোষণা কৰিছে ।
ভুৱনেশ্বৰত এক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা মুঠ 32 গৰাকী খেলুৱৈৰ ভিতৰত পাঁচগৰাকী খেলুৱৈক বাদ দিয়া হৈছে । তেওঁলোক হৈছে ফুৰবা লাচেনপা, পাৰ্থিৱ গগৈ, ইমৰান খান, হাম্মাদ আৰু জিথিন এমএছ ।
"তেওঁলোক সকলোৱে অতি পেছাদাৰী আৰু কঠোৰ পৰিশ্ৰমী আছিল । সেয়ে তেওঁলোকৰ মাজৰ পৰা দল নিৰ্বাচন কৰাটো সঁচাকৈয়ে কঠিন আছিল । বিশেষকৈ জিথিন আৰু পাৰ্থিৱৰ স্থানৰ ক্ষেত্ৰত । পাৰ্থিৱ আৰু হাম্মাদে কেইদিনমান পূৰ্বে সামান্য আঘাত পাইছিল । সেয়ে তেওঁলোকক ৭-১৪ দিনৰ বিশ্ৰামৰ প্ৰয়োজন হ'ব ।" ইগৰ ষ্টিমাকে এক প্ৰেছ বিজ্ঞপ্তিত কয় ।
আনহাতে, বাকী খেলুৱৈসকলে ভুৱনেশ্বৰত প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলিও তেওঁ কয় । ইয়াৰ পিচত ভাৰতীয় দলটোৱে ২৯ মে'ত ভাৰতীয় ফুটবলৰ মক্কা স্বৰূপ কলকাতা ভ্ৰমণ কৰিব । ৬ জুনত বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত 'ব্লু টাইগাৰ'সকলে কুৱেইটৰ মুখামুখি হ'ব । কুৱেইটৰ বিৰুদ্ধে মেচখনৰ পিচত ভাৰতে গ্ৰুপ এৰ অন্তিম দুখন মেচত 11 জুনত কাটাৰৰ বিৰুদ্ধে খেলিবলৈ যাব ।
কুৱেইটৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনে ভাৰতীয় দলটোৰ এক উজ্জ্বল ১৯ বছৰীয়া কেৰিয়াৰৰ পট পোলাব । কিয়নো এই মেচখনৰ পিচতে ৯৪ টা গ'লেৰে ভাৰতৰ শীৰ্ষ গ'ল সংগ্ৰাহক হিচাপে পৰিগণিত ৩৯ বছৰীয়া সুনীল ছেত্ৰীয়ে ফুটবলক বিদায় জনাব । উল্লেখ্য যে এই মেচখনতে তেওঁ ভাৰতীয় দলৰ জাৰ্চীত সৰ্বাধিক 150 খন মেচত প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় ফুটবলাৰ হিচাপে অভিলেখ গঢ়ি ফুটবলক বিদায় জনাব । উল্লেখ্য যে বৰ্তমান খেলি থকা ফুটবলাৰসকলৰ ভিতৰত ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ'নেল মেছিৰ পিচত তৃতীয় গ'ল স্ক'ৰাৰ হৈছে সুনীল ছেত্ৰী । আনহাতে, তেওঁ বৰ্তমান আন্তৰ্জাতিক গ'ল স্ক'ৰাৰৰ সৰ্বকালৰ তালিকাত চতুৰ্থ স্থানত আছে ।
উল্লেখ্য যে চাৰিখন মেচৰ পৰা চাৰি পইণ্টৰ সংগ্ৰহেৰে ভাৰত বৰ্তমান এ গ্ৰুপৰ দ্বিতীয় স্থানত আছে । গ্ৰুপৰ শীৰ্ষ দুটা দলে ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু ২০২৭ চনত চৌডি আৰবত অনুষ্ঠিত হ'বলগীয়া এএফচি এছিয়ান কাপৰ বাবেও যোগ্যতা অৰ্জন কৰিব ।
দলটো
গ'লৰক্ষক- গুৰপ্ৰীত সিং সান্ধু, অমৰিন্দৰ সিং, বিশাল কাইথ । ডিফেণ্ডাৰ- অমেয় ৰাণাৱাড়ে, আনৱাৰ আলী, জয় গুপ্তা, লালচুংনুঙ্গা, মেহতাব সিং, নৰেন্দ্ৰ, নিখিল পূজাৰী, ৰাহুল ভেকে, শুভাশিস বসু । মিডফিল্ডাৰ- অনিৰুদ্ধ থাপা, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ, এডমাণ্ড লালৰিন্দিকা, জেকচন সিং থৌনাওজাম, লালিয়াঞ্জুৱালা চাংটে, লিষ্টন কোলাকো, মহেশ সিং নাওৰেম, নন্দকুমাৰ চেকাৰ, চাহল আব্দুল চামাদ, সুৰেশ সিং ৱাংজাম । ফৰৱাৰ্ড- ডেভিদ লালহলচাংগা, মনৱীৰ সিং, ৰহিম আলী, সুনীল ছেত্ৰী, বিক্ৰম প্ৰতাপ সিং ।
লগতে পঢ়ক :মালয়েছিয়া মাষ্টাৰ্ছ ২০২৪ৰ ছেমিফাইনেলত পিভি সিন্ধু, কোৱাৰ্টাৰত স্তব্ধ অসমৰ অস্মিতা - Malaysia Masters 2024