স্পৰ্টছ ডেস্ক,১৩ ফেব্ৰুৱাৰী :অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটৰ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ'ব । টেষ্ট মেচ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দল ৰাজকোটত উপস্থিত হৈছে । ১১ ফেব্ৰুৱাৰীত ভাৰতীয় দলটো ৰাজকোটত উপস্থিত হৈছে । আনহাতে ১২ ফেব্ৰুৱাৰীত ইংলেণ্ড ক্ৰিকেট দলটোও ৰাজকোটত উপস্থিত হৈছে । ইংলেণ্ড ক্ৰিকেট দলটোক ৰাজকোটৰ ৰিং ৰোডৰ ফৰ্চুন হোটেলত ৰখা হৈছে ।
ফৰ্চুন হোটেলত উপস্থিত হোৱাৰ পিচতে ইংলেণ্ড ক্ৰিকেট দলৰ খেলুৱৈসকলক হোটেল কৰ্তৃপক্ষই ভাৰতীয় পৰম্পৰা অনুসৰি ফুলৰ মালাৰে আদৰণি জনায় । জনি বেয়াৰস্টো, জিমি এণ্ডাৰছন, জ' ৰুট, মাৰ্ক উড, ৰেহান আহমেদ, ছোৱেইব বশ্বীৰ, অলি পোপ, ৰবিনছন, বেন ষ্টকছ, জাক ক্ৰাউলিকে ধৰি ক্ৰিকেটাৰসকল ৰাজকোটৰ হোটেলখনত প্ৰৱেশ কৰা দেখা গৈছে । সূত্ৰৰ মতে দুয়োটা দলে মঙলবাৰে নেট অনুশীলন আৰম্ভ কৰিব । ৰাজকোটত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচখনক লৈ সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ ক্ৰিকেটপ্ৰেমীসকল যথেষ্ট উৎসাহী দেখা গৈছে ।