অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়; অথলে গ’ল ৰাধা যাদৱৰ বেটিং বিক্ৰম

team India lost against New Zealand: নিউজিলেণ্ডৰ বিৰুদ্ধে 76 ৰাণত পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাটোত 1-1 ব্যৱধানত সমতা স্থাপন ৷

IND VS NZ WOMENS ONE DAY SERIES
নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত ভাৰত (IANS Photo)

By ETV Bharat Sports Team

Published : Oct 28, 2024, 1:23 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত-নিউজিলেণ্ডৰ মাজত চলি আছে তিনিখন মেচৰ এদিনীয়া শৃংখলা ৷ এই শৃংখলাৰ দ্বিতীয়খন মেচত নিউজিলেণ্ডৰ হাতত 76 ৰাণত পৰাস্ত হয় ভাৰত ৷

দুয়োটা দলৰ মাজৰ দ্বিতীয়খন এদিনীয়া মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷ নিউজিলেণ্ডৰ অধিনায়ক ছফী ডিভাইনে টছত জয় লাভ কৰি ভাৰতক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ নিউজিলেণ্ড দলটোৱে 50 অভাৰত 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 259 ৰাণ ৷

ভাৰতৰ একাংশ খেলুৱৈৰ ফাইল ফটো (IANS Photo)

ছফী ডিভাইনৰ আকৰ্ষণীয় ইনিংছ

চুজি বেটছ আৰু জৰ্জিয়া প্লিমাৰে যুটীয়াভাৱে প্ৰথম উইকেটত সংগ্ৰহ কৰিছিল 87 ৰাণ ৷ নিউজিলেণ্ডৰ হৈ চুজি বেটছে 58 ৰাণ আৰু জৰ্জিয়া প্লিমাৰে 41 ৰাণৰ অৱদান আগবঢ়ায় । মেডি গ্ৰীণেও আগবঢ়াইছিল 42 ৰাণৰ অৱদান ।

দলটোৰ হৈ কেপ্টেইন ছফী ডিভাইনে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । ক্ৰিকেটাৰগৰাকীয়ে 86 টা বলত 7 টা চাৰি আৰু এটা ছয়ৰ সৈতে সংগ্ৰহ কৰে 79 ৰাণ । ভাৰতৰ হৈ ৰাধা যাদৱে 4 টা, দীপ্তি শৰ্মাই দুটা আৰু চাইমা ঠাকুৰ আৰু প্ৰিয়া মিশ্ৰাই ক্ৰমে এটাকৈ উইকেট দখল কৰে ।

ভাৰতৰ টপ অৰ্ডাৰ বেটছমেন বিফল

ভাৰতৰ হৈ শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাই নিউজিলেণ্ডে বান্ধি দিয়া নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ৷ অৱশ্যে কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতে বেটছমেনগৰাকী ৷ মন্ধানাৰ পিছতে শ্বেফালীয়ো 11 ৰাণৰ ব্যক্তিগত স্ক’ৰত আউট হয় ।

ভাৰতৰ হৈ যশটিকা ভাটিয়াই 12, অধিনায়ক হৰমনপ্ৰীত কৌৰে 24, জেমিমা ৰড্ৰিগছে 17, তেজাল হাচাবনিছে 15, দীপ্তি শৰ্মাই 15 আৰু অৰুন্ধতী ৰেড্ডীয়ে মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰে ৷

অথলে গৈছিল ৰাধা যাদৱৰ দৰ্শনীয় ইনিংছ

টীম ইণ্ডিয়াই 108 ৰাণতে হেৰুৱাইছিল 8 টা উইকেট । তাৰপিছতে ৰাধা যাদৱে চাইমা ঠাকুৰৰ সৈতে দলৰ ইনিংছ আগবঢ়াই নিয়ে । তেওঁলোক দুয়োজনে নৱম উইকেটত যোগ দিয়ে 70 ৰাণ ৷ তাৰপিছতো কিন্তু জয়ৰ সোৱাদ লাভ নকৰিলে ভাৰতে ৷

183 ৰাণ সংগ্ৰহৰ পিছতে ভাৰতে হেৰুৱাই আটাইকেইটা উইকেট ৷ যাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে 76 ৰাণত পৰাজিত হয় ভাৰত । নিউজিলেণ্ডৰ হৈ লিয়া তাহুহু আৰু ছফী ডিভাইনে 3 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ইডেন কাৰ্চনে দুটা উইকেট দখল কৰে ।

এই শৃংখলাৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডক 59 ৰাণত পৰাস্ত কৰিছিল । দ্বিতীয়খন মেচত ভাৰতৰ পৰাজয়ে শৃংখলাত স্থাপন কৰে 1-1 ৰ সমতা ৷ শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক মেচখন 29 অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ'ব ৷ মেচখনৰ বিজয়ী দলটোৱে শৃংখলাটো দখল কৰিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক:69 বছৰৰ পিছত ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক পৰাজয়, নিউজীলেণ্ডে দখল কৰিলে টেষ্ট শৃংখলা

ABOUT THE AUTHOR

...view details