অসম

assam

ETV Bharat / sports

জাতীয় দলৰ পোছাকত দেখা যাবনে ৰিয়ান পৰাগক ? আজি জিম্বাব'ৱেৰ বিৰুদ্ধে প্ৰথম টি-২০ত ভাৰত - IND ZIM T20 SERIES - IND ZIM T20 SERIES

IND vs ZIM 1st T20I : ভাৰত আৰু জিম্বাব'ৱেৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ শনিবাৰে অনুষ্ঠিত হ'ব । মেচখনত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে শুভমান গিলৰ অধিনায়কত্বত খেলিব । আনহাতে, জাতীয় জাৰ্চীত প্ৰথমবাৰৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট খেলা চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অসমৰ ক্ৰিকেটপ্ৰেমী তথা ৰিয়ান পৰাগৰ অনুৰাগী । মেচখন ভাৰতীয় সময়মতে আবেলি ৪.৩০ বজাত অনুষ্ঠিত হ'ব । মেচখনৰ ভাৰতীয় দলৰ সম্ভাৱ্য একাদশ সন্দৰ্ভত এক প্ৰতিবেদন ।

IND vs ZIM 1st T20I
আজি জিম্বাব'ৱেৰ বিৰুদ্ধে প্ৰথম টি-২০ত ভাৰত (ANI Photo)

By ETV Bharat Sports Team

Published : Jul 6, 2024, 12:37 PM IST

Updated : Jul 6, 2024, 2:15 PM IST

স্পৰ্টছ ডেস্ক, ৬ জুলাই :অসমৰ ক্ৰীড়া জগতৰ বাবে শনিবাৰৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে । কিয়নো যদি সকলো ঠিকে থাকে তেন্তে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ এগৰাকী ক্ৰিকেটাৰে ৰাষ্ট্ৰীয় পুৰুষ ছিনিয়ৰ দলত আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলাৰ সুযোগ পাব । হয়, ৰিয়ান পৰাগৰ কথাকে কোৱা হৈছে । ৰাজ্যৰ লাখ লাখ ক্ৰিকেটপ্ৰেমী তথা অনুৰাগীয়ে ৰিয়ান পৰাগৰ আন্তৰাষ্ট্ৰীয় অভিষেকৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

উল্লেখ্য যে, ৬ খন মেচৰ টি-২০ শৃংখলাৰ বাবে জিম্বাব'ৱে ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলে শনিবাৰে প্ৰথমখন টি-২০ মেচত জিম্বাব'ৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এটা সম্পূৰ্ণ যুৱ ভাৰতীয় ক্ৰিকেট দলে এই মেচখনত অংশগ্ৰহণ কৰিব ।

আনহাতে, কেইবাগৰাকীও খেলুৱৈয়ে এই মেচখনত তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ত আত্মপ্ৰকাশ কৰিব । ভাৰতীয় দলটোৰ নেতৃত্ব দিব যুৱ অধিনায়ক শুভমন গিলে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে তেওঁ দেশক নেতৃত্ব প্ৰদান কৰিব । ইয়াৰ পূৰ্বে অৱশ্যে তেওঁ সদ্যসমাপ্ত আই পি এলত গুজৰাটক নেতৃত্ব প্ৰদান কৰিছে ।

অধিনায়ক শুভমন গিলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে অভিষেক শৰ্মাই তেওঁৰ সৈতে ভাৰতৰ ইনিংছ মুকলি কৰিব । ইয়াৰ উপৰি ভাৰতীয় দলটোত বৰ্তমান দুগৰাকী উইকেটৰক্ষক আছে । সেয়ে জিতেশ শৰ্মা বা ধ্ৰুৱ জুৰেলৰ মাজৰ এগৰাকীয়ে মেচখনত সুযোগ পাব । বাৰ্বাডোজৰ বেয়া বতৰৰ বাবে বিমানৰ বিলম্ব ঘটাত সঞ্জু ছেমছনে প্ৰথম দুখন মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ।

শুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় দলটো আই পি এলৰ তাৰকা খেলুৱৈৰে সজ্জিত । এনে পৰিস্থিতিত মূল একাদশ কি হ'ব সেইটো অতি আকৰ্ষণীয় কথা হ'ব । অভিষেক শৰ্মা আৰু ৰিয়ান পৰাগৰ পৰা উচ্চ প্ৰত্যাশা থাকিব । কাৰণ তেওঁলোকে আই পি এল, 2024 ছিজনত অতি সুন্দৰ প্ৰদৰ্শন কৰিছে ।

ভাৰতীয় দলটোৱে যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙৰ অনুপস্থিতিত এইসকল যুৱ ফাষ্ট বলাৰক সুবিধা প্ৰদান কৰিব বিচাৰিব, যিসকলে টি-২০ত নিজৰ স্থান নিগাজী কৰিছে । আনহাতে, আই পি এলত ইনিংছ মুকলি কৰা ৰুতুৰাজক ৩ নম্বৰ স্থানত খেলাটো প্ৰত্যক্ষ কৰিব পাৰে ।

ইফালে জিম্বাব'ৱে দলটোৰ বিষয়ে ক'বলৈ গ'লে, উগাণ্ডাৰ বিৰুদ্ধে পৰাজয়ৰ পিচত জিম্বাব'ৱেয়ে যদিও টি-২০ বিশ্বকাপ, ২০২৪ত অংশগ্ৰহণ সুযোগ হেৰুৱাইছিল, কিন্তু দলটোৱে যিকোনো মুহূৰ্তত প্ৰত্যাৱৰ্তন কৰিবলৈ সম্পূৰ্ণভাৱে সক্ষম । চিকন্দৰ আৰু ব্লেচিং মুজাৰাবানিৰ দৰে খেলুৱৈসকলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিছে আৰু তেওঁলোকৰ টি-২০ৰ দক্ষতাৰ বাবে বিশ্বজুৰি বিখ্যাত ।

পিটচ ৰিপ'ৰ্ট

হাৰাৰেৰ উইকেট এক উচ্চ-স্ক'ৰিং হ'ব বুলি আশা কৰা হৈছে । কম স্ক'ৰিঙৰ টি-২০ বিশ্বকাপ, ২০২৪ৰ পিচত এই মেচখনে খেলুৱৈসকলৰ বাবে কিছু সতেজতা আনিব পাৰে, যিসকলে ছয় মাৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে । এনে পৰিস্থিতিত দুয়োটা দলৰ পৰা কঠিন প্ৰতিদ্বন্দ্বিতা আশা কৰিব পাৰি ।

বতৰৰ প্ৰভাৱ

অনুৰাগীসকলৰ বাবে আনন্দৰ বিষয় যে প্ৰথম টি-20 মেচখনত বৰষুণৰ কোনো পূৰ্বানুমান নাই । weather.comৰ বতৰৰ আগলি বতৰা অনুসৰি, হাৰাৰেত বৰষুণৰ সম্ভাৱনা শূন্য শতাংশ । আনহাতে, খেলখনৰ সময়ত তাপমাত্ৰা ২৪°-২৫° চেণ্টিগ্ৰেডৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে । এনে পৰিস্থিতিত অনুৰাগীসকলে ভাৰতীয় যুৱ দলটোৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে প্ৰত্যক্ষ পাৰিব ।

ভাৰত-জিম্বাব'ৱে মুখামুখি পৰিসংখ্যা

ভাৰত আৰু জিম্বাব'ৱেৰ মাজত এতিয়ালৈকে ৬খন টি-২০ মেচ অনুষ্ঠিত হৈছে । এই আটাইকেইখন মেচতে ভাৰতীয় দলটোৰ প্ৰদৰ্শন যথেষ্ট উন্নত । অৱশ্যে যদি আপুনি ভাবিছে যে ভাৰতে আটাইকেইখন মেচতে জয়লাভ কৰিছে, তেন্তে ভুল ভাবিছে । জিম্বাব'ৱেয়ে ভাৰতৰ বিৰুদ্ধে খেলা ৬ খন মেচৰ ভিতৰত দুখনত জয়লাভ কৰিছে ।

আনহাতে, ভাৰতে ৪ খন মেচৰ ফলাফল নিজৰ পক্ষলৈ নিছে । এনে পৰিস্থিতিত জিম্বাব'ৱেক সহজভাৱে লোৱাটো ভাৰতৰ বাবে অধিক মূল্য পৰিশোধৰ লেখীয়া হ'ব পাৰে ।

মেচখন ক'ত আৰু কেতিয়া চাব পাৰিব

হাৰাৰেত অনুষ্ঠিত হ'বলগা আটাইকেইখন টি-২০ মেচ হাৰাৰে স্পৰ্টছ ক্লাবে আয়োজন কৰিব । মেচখন স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত আৰু ভাৰতীয় সময় অনুসৰি আবেলি ৪.৩০ বজাত আৰম্ভ হ'ব ।

দুয়োটা দলৰ সম্ভাৱ্য মূল একাদশ

ভাৰত : শুভমন গিল (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ৰবি বিষ্ণই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ, সাই সুদৰ্শন ।

জিম্বাব'ৱে : চিকন্দৰ ৰাজা (অধিনায়ক), বি মুজাৰাবানি, ব্ৰেণ্ডন মাভুটা, ব্ৰায়ান বেনেট, এম শুম্বা, জনাথন কেম্পবেল, টেণ্ডাই চাটাৰা, লিউক জংৱে, ইনোচেণ্ট কিয়া, ক্লাইভ মাদাণ্ডে, ৱেছলি মাধেভেৰে, ব্ৰেণ্ডন মাভুটা, ডিয়ন মেয়াৰ্ছ, এণ্টম নাকভি ।

লগতে পঢ়ক :প্ৰথম মেচত জয় লাভেৰে টি-২০ শৃংখলাত অগ্ৰগতি দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ - INDW vs SAW T20 Series
লগতে পঢ়ক :ভাৰত বনাম জিম্বাব'ৱে : এইসকল ভাৰতীয় বলাৰৰ ওপৰত থাকিব সকলোৰে দৃষ্টি - IND vs ZIM T20
Last Updated : Jul 6, 2024, 2:15 PM IST

ABOUT THE AUTHOR

...view details