স্প’ৰ্টছ ডেস্ক:গাকেবৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টি-20 ত ভাৰতৰ পৰাজয় ৷ অন্তিম অভাৰত দক্ষিণ আফ্ৰিকাই ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি লয় আৰু শেষ হাঁহি মাৰে ৷
এই মেচখনত আয়োজক দল দক্ষিণ আফ্ৰিকাই 3 উইকেটত জয়লাভ কৰে ৷ যাৰ ফলত চাৰিখন টি-20 মেচৰ শৃংখলাটোত ঘৰুৱা দলটোৱে ভাৰতৰ সৈতে 1-1 ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷
আফ্ৰিকাৰ এই বিজয়ৰ নায়ক আছিল ট্ৰিষ্টান ষ্টবছ, যিয়ে কঠিন সময়তো অপৰাজিত 47 ৰাণ সংগ্ৰহ কৰি দলটো জিকাত সহায় কৰিছিল ।
দক্ষিণ আফ্ৰিকাই ভাৰতক 3 উইকেটত পৰাস্ত কৰে
প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ 124 ৰাণ ৷ 125 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা দক্ষিণ আফ্ৰিকাই দলীয় 22 ৰাণত হেৰুৱাই প্ৰথমটো উইকেট ।
পৰৱৰ্তী সময়ত ভাৰতৰ তাৰকা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে সুন্দৰ বলিং কৰে আৰু এটা সময়ত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে 66/6 ৰাণ ৷ কিন্তু, ট্ৰিষ্টান ষ্টবছে দলক এই কঠিন পৰিস্থিতিৰ পৰা বাহিৰলৈ নিয়াত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ ষ্টবছৰ বাবেই ঘৰুৱা দলটোৱে 19 অভাৰত 7 টা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে ৷
ভাৰতীয় বেটছমেনসকলে কৰিলে নিৰাশ
এই খেলখনত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়ী হৈ সূৰ্যকুমাৰ যাদৱক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতৰ হৈ সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই ইনিংছ মুকলি কৰে ৷
টীম ইণ্ডিয়াই অতি দুৰ্বল আৰম্ভণি কৰে আৰু মাৰ্কো জনচেনৰ প্ৰথম অভাৰত সঞ্জু চেমছন শূন্যতে পেভিলিয়নলৈ ওভতে ৷ ইয়াৰ পিছত অভিষেক শৰ্মা 4 ৰাণৰ ব্যক্তিগত স্ক'ৰত গেৰাল্ড কোয়েটজীৰ চিকাৰ হয় ৷ অধিনায়ক সূৰ্যয়ো ৪ ৰাণ সংগ্ৰহ কৰি এণ্ডিল চিমলাইনৰ বলত এল বি ডব্লিউ আউট হৈছিল ।
ভাৰতীয় দলটোৱে 3.6 অভাৰত 15 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল 3 টাকৈ উইকেট । ইয়াৰ পিছত তিলক বাৰ্মাই 20 ৰাণ আৰু অক্ষৰ পেটেলে 27 ৰাণ সংগ্ৰহ কৰি দলটোৰ স্ক'ৰ কিছু বৃদ্ধি কৰে ৷ ৰিংকু সিঙে মাত্ৰ 9 ৰাণ সংগ্ৰহ কৰি নাকাবিওমাজি পিটাৰৰ বলত গেৰাল্ড কোয়েটজীৰ হাতত কেচ তুলি দি আউট হৈছিল ৷