চিটাৰা ডেস্ক, ১০ জুন : চলিত টি-২০ বিশ্বকাপৰ হাই ভল্টেজ মেচখনত ভাৰতে ৬ ৰাণৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰে । এই খেলখন বিশ্বৰ কোটি কোটি লোকে উপভোগ কৰিছে । নিউয়ৰ্কৰ নাছাউ কাউণ্টি ষ্টেডিয়ামো দৰ্শকেৰে ভৰি আছিল । পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বলিং কৰে আৰু ১৯ অভাৰত ভাৰতক অলআউট কৰে ।
ভাৰতে পাকিস্তানক ১২০ ৰাণৰ লক্ষ্য দিয়ে । আকৰ্ষণীয় আৰম্ভণি স্বত্বেও কিন্তু পাকিস্তান ভাৰতীয় দলৰ হাতত পৰাজিত হয় । পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত ভাৰতৰ এয়া সপ্তমটো বিজয়ী আছিল ।
ইফালে খেলৰ অন্তিম বলটোৰ পিচতে ভাৰতৰ অনুৰাগীসকলৰ চিঞৰত ষ্টেডিয়াম কঁপি উঠিছিল । ষ্টেডিয়ামত খেল উপভোগ কৰি থকা বিৰাট কোহলীৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাইও আনন্দত আত্মহাৰা হৈ পৰে । অভিনেত্ৰীগৰাকীৰ বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
ভিডিঅ'টোত, তেওঁক ভাৰতৰ বিজয় উপভোগ কৰা দেখা গৈছে । ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলখনত জয়ী হোৱাৰ লগে লগে ষ্টেণ্ডত থিয় হৈ থকা অনুষ্কাই উত্তেজনাত আনন্দেৰে জঁপিয়াই পৰে ।