অসম

assam

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 2:17 PM IST

ETV Bharat / sports

ভাৰত বনাম পাকিস্তান বিশ্বকাপ ২০০৩ : আজিৰ দিনটোতে শচীনে খেলিছিল অবিস্মৰণীয় ইনিংছ

Sachin Tendulkar in 2003 World Cup : মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ অনুৰাগীসকলৰ বাবে ১ মাৰ্চৰ দিনটো এক বিশেষ দিন । কিয়নো আজিৰ দিনটোতে শচীনে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এক অবিস্মৰণীয় ইনিংছ উপহাৰ দিছিল ।

আজিৰ দিনটোতে শচীনে খেলিছিল অবিস্মৰণীয় ইনিংছ
আজিৰ দিনটোতে শচীনে খেলিছিল অবিস্মৰণীয় ইনিংছ

স্পৰ্টছ ডেস্ক, ১ মাৰ্চ : ১ মাৰ্চৰ দিনটো ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক বিশেষ দিন । কিয়নো এই দিনটোতে কোটি কোটি অনুৰাগীৰ প্ৰিয় ক্ৰিকেটাৰ তথা প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে ২০০৩ চনৰ আইচিচি এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এক অনবদ্য ইনিংছ উপহাৰ দিছিল । মাষ্টাৰ ব্লাষ্টাৰৰ এই ইনিংছটো এতিয়াও স্মৰণীয় হৈ আছে ।

আনহাতে, শচীনৰ এই ইনিংছটোৰ হাত ধৰিয়ে ভাৰতে জয়ৰ সোৱাদ লাভ কৰিছিল । সেয়ে এই বিশেষ দিনটোত এবাৰ স্মৰণ কৰোঁ আহক শচীন তেণ্ডুলকাৰৰ সেই ঐতিহাসিক ইনিংছটো । ২০০৩ চনৰ এদিনীয়া বিশ্বকাপত ১ মাৰ্চত শচীনে পাকিস্তানৰ বিৰুদ্ধে এক স্মৰণীয় ইনিংছ খেলিছিল । মেচখন অনুষ্ঠিত হৈছিল দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত ।

শচীনে উক্ত মেচখনত পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া বিজয় লক্ষ্য অনুসৰণ কৰি ৭৫ টা বলত ১২ টা চাৰি আৰু এটা ছয়েৰে ৯৮ ৰাণ সংগ্ৰহ কৰে । এই ইনিংছটোৰ সময়ত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল 130.66 । শচীনৰ এই ইনিংছটো বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ এক স্মৰণীয় ইনিংছ হৈ আছে । মেচখনত শচীন তেণ্ডুলকাৰৰ যাদুকৰী ইনিংছৰ বাবেই ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ৭ উইকেটৰ বিনিময়ত ২৭৩ ৰাণ সংগ্ৰহ কৰে । চৈয়দ আনোৱাৰে পাকিস্তানৰ হৈ সৰ্বাধিক ১০১ ৰাণৰ শতকীয় ইনিংছ উপহাৰ দিয়ে । আনহাতে, ভাৰতৰ হৈ জাহিৰ খান আৰু আশিস নেহৰাই দুটাকৈ উইকেট দখল কৰে । টীম ইণ্ডিয়াক জয়ৰ বাবে পাকিস্তানে বান্ধি দিয়া ২৭৪ ৰাণৰ বিজয় লক্ষ্যত ভাৰতে ৪৫.৫ অভাৰত ৪ টা উইকেট হেৰুৱাই উপনীত হয় ।

শচীনৰ উপৰি মেচখনত বীৰেন্দ্ৰ চেহৱাগে ২১, মহম্মদ কাঈফে ৩৫, ৰাহুল দ্ৰাবিড়ে ৪৪ ৰাণৰ বৰঙনি আগবঢ়ায় । আনহাতে, যুৱৰাজ সিঙে মেচখনত ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰে ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ABOUT THE AUTHOR

...view details