পুনে : ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত আলহী দল নিউজীলেণ্ডে আয়োজক ভাৰতক ১১৩ ৰাণত পৰাস্ত কৰি এক বৃহৎ অঘটন ঘটাইছে ৷ ইয়াৰ লগে লগে নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত টেষ্ট শৃংখলাত জয় লাভ কৰিছে। দুয়োটা দলৰ মাজত প্ৰথমখন টেষ্ট মেচ ৬৯ বছৰ আগতে অনুষ্ঠিত হৈছিল।
এইদৰে কিৱি দলৰ বিপক্ষে একে লেথাৰিয়ে দুখনকৈ মেচত অভাৱনীয় পৰাজয়ৰ ফলত ভাৰতৰ অহাবছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত খেলাৰ পথো কণ্টকময় হৈ পৰিল ৷ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্টৰ লগতে অষ্ট্ৰেলিয়াৰ মাটিত হ’বলগীয়া ৫ খন মেচৰ টেষ্ট শৃংখলাত ভাৰতে আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হ’লে সেই আশা স্তিমিত হৈ পৰাৰ উপক্ৰম হৈছে ৷
খেলখনত নিউজীলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ২৫৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত কেৱল ১৫৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ফলত নিউজীলেণ্ডে প্ৰথম ইনিংছৰ ভিত্তিত ১০৩ ৰাণৰ অগ্ৰগতি অৰ্জন কৰে ৷ নিউজীলেণ্ডে দ্বিতীয় ইনিংছত ২৫৫ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতক জয়ৰ বাবে ৩৫৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
এই লক্ষ্যৰ পম খেদি, নিউজীলেণ্ডৰ বলাৰৰ সন্মুখত টীম ইণ্ডিয়া তিষ্ঠিবলৈ ব্যৰ্থ হয়। ৰোহিত শৰ্মাৰ দলটো ৬০.২ অভাৰত ২৪৫ ৰাণত অল আউট হয়। ইয়াৰ লগে লগে ভাৰতীয় দলে 113 ৰাণত পৰাজয় বৰণ কৰে । যশস্বী জয়ছোৱালে ভাৰতৰ হৈ দ্বিতীয় ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে। তেওঁ ৬৫ টা বলত ৯ টা চাৰি আৰু ৩ টা ছয়েৰে ৭৭ ৰাণ সংগ্ৰহ কৰে। ৰোহিত শৰ্মা (৮), বিৰাট কোহলী (১৭), শুভমন গিল (২৩), ছৰফৰাজ খান (৯) আৰু ৱাশ্বিংটন সুন্দৰেও (২১) ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হয় । ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই দৃঢ় বেটিঙৰ প্ৰদৰ্শন কৰি ৮৪ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ পূৰ্বে নিউজীলেণ্ডে প্ৰথম ইনিংছত ডেভন কনৱে (৭৬) আৰু ৰচিন ৰবীন্দ্ৰ (৫৬) ৰ সহায়ত ২৫৯ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ প্ৰথম ইনিংছত কোনো এগৰাকী বেটছমেনেই ৪০ ৰাণৰ স্ক'ৰ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নহ’ল। যশস্ৱী জয়ছোৱালে ৩০, শুভমান গিলে ৩০ ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই ৩৮ ৰাণ সংগ্ৰহ কৰে আৰু দলটোৱে মাত্ৰ ১৫৬ ৰাণহে কৰিবলৈ সক্ষম হয়।
নিউজীলেণ্ডৰ দলটোৱে দ্বিতীয় ইনিংছত অধিনায়ক টম লাথামৰ ৮৬, টম ব্লাণ্ডেলৰ ৪১ আৰু গ্লেন ফিলিপছৰ ৪৮ ৰাণৰ সহায়ত ২৫৫ ৰাণ সংগ্ৰহ কৰে। এই খেলখনৰ দুয়োটা ইনিংছতে ভাৰতৰ তাৰকা বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ক্ৰমান্বয়ে ৮ আৰু ১৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক:নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট জিকিবলৈ ভাৰতে কৰিব লাগিব অসাধ্য সাধন, 69 বছৰৰ অভিলেখ বিপদত