অসম

assam

ETV Bharat / sports

৪৪৫ ৰাণত সমাপ্ত ভাৰতৰ প্ৰথম ইনিংছ, পেনাল্টিৰ বাবে ইংলেণ্ডে পালে অতিৰিক্ত ৫ ৰাণ - Sarfaraz Khan

IND vs ENG Test series: ভাৰত আৰু ইংলেণ্ডৰ তৃতীয় টেষ্টৰ দ্বিতীয় দিনা ভাৰতে ৪৪৫ ৰাণ কৰে । ছৰফৰাজৰ পিচত জুৰেলেও আকৰ্ষণীয় ৪৬ ৰাণৰ ইনিংছ খেলে । ইংলেণ্ডে ৫ পেনাল্টি ৰাণ লাভ কৰিছে ।

IND vs ENG Test series
৪৪৫ ৰাণত সমাপ্ত ভাৰতৰ প্ৰথম ইনিংছ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:13 AM IST

Updated : Feb 16, 2024, 2:02 PM IST

স্পৰ্টছ ডেস্ক,১৬ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা তৃতীয় টেষ্টৰ আজি দ্বিতীয় দিন । প্ৰথম ইনিংছত ভাৰতে ইংলেণ্ডৰ সন্মুখত ৪৪৬ ৰাণৰ বৃহৎ স্ক'ৰ ৰাখিবলৈ সক্ষম হৈছে । এই স্ক'ৰক লৈ সম্ভৱত ভাৰতীয় দল যথেষ্ট সন্তুষ্ট । এতিয়া ইংলেণ্ড দলত যিমান সম্ভৱ কম ৰাণত অলআউট কৰি খেলখনত অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিব ।

দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পিচতে ভাৰতে কম সময়ৰ ভিতৰতে ৰবীন্দ্ৰ জাদেজা আৰু কুলদ্বীপ যাদৱৰ উইকেট হেৰুৱায় । ৰবীন্দ্ৰ জাদেজাই ১১২ ৰাণ কৰি আউট হয় আৰু কুলদ্বীপ যাদৱেও মাত্ৰ ৪ ৰাণতে আউট হয় । তাৰ পিচত ধ্ৰুৱ জুৰেল আৰু অশ্বিনে ভাৰতীয় বেটিং চম্ভালি লয় আৰু স্ক'ৰত যথেষ্ট অৱদান আগবঢ়ায় । অশ্বিনে ৮৯ টা বলত ৩৭ ৰাণ কৰি আউট হয় আৰু জুৰেলেও ১০৪ টা বল খেলি ৪৬ ৰাণ কৰে । জুৰেলে অভিষেক অৰ্ধশতক কৰাৰ আশাত আছিল যদিও সেয়া সফল নহ'ল । ইয়াৰ পিচত চিৰাজ আৰু বুমৰাহেও কিছু সময়ত ক্ৰিজত থাকে যদিও অৱশেষত ২৬ ৰাণত বুমৰাহে উইকেট হেৰুৱাই আৰু ভাৰতৰ ইনিংছ সমাপ্ত হয় ।

অৱশ্যে খেল আৰম্ভ কৰাৰ পূৰ্বেই ইংলেণ্ডে ৫ ৰাণ লাভ কৰিলে । ভাৰতৰ বেটছমেনৰ পেনাল্টিৰ বাবে আম্পায়াৰে ইংলেণ্ড এই ৫ ৰাণৰ উপহাৰ দিয়ে । এতিয়া ইংলেণ্ড ৫ ৰাণৰ পৰা তেওঁলোকৰ প্ৰথম ইনিংছৰ অভিযান আৰম্ভ কৰিব ।

উল্লেখ্য যে প্ৰথম দিনা ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি প্ৰথম দিনৰ অন্তত ৩২৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । একেদৰে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত টেষ্ট শতক কৰিবলৈ সক্ষম হৈছিল আৰু ৰবীন্দ্ৰ জাদেজাইও আকৰ্ষণীয় শতক কৰি বেটিং কৰি আছে ।

প্ৰথম দিনা ভাৰতে ৩৩ ৰাণতে ৩ টা উইকেট হেৰুৱাইছিল যদিও ৰোহিত শৰ্মা আৰু জাদেজাৰ আকৰ্ষণীয় ইনিংছে ভাৰতক খেলখনত গুৰুত্বপূৰ্ণ স্ক'ৰ কৰাত সহায় কৰিছিল । ইফালে অভিষেক মেচতে ছৰফৰাজ খানৰ অৰ্ধশতকে সকলোৰে পৰা প্ৰশংসা লাভ কৰিছিল । ছৰফৰাজে অতি সাৱধান আৰু আক্ৰমণাত্মকভাৱে খেল খেলা দেখা গৈছিল । ফলস্বৰূপে খানে ৬৬ টা বলত ৬২ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে দুৰ্ভাগ্যৱশতঃ ছৰফৰাজ খান ৰাণআউট হ'বলগীয়া হয় ।

লগতে পঢ়ক :ৰোহিত-জাডেজাৰ শতকেৰে ৰাজকোটত শক্তিশালী স্থিতিত ভাৰত

Last Updated : Feb 16, 2024, 2:02 PM IST

ABOUT THE AUTHOR

...view details