স্পৰ্টছ ডেস্ক,১৫ ফেব্ৰুৱাৰী :আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয় টেষ্ট আৰম্ভ হৈছে । ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ৭৮ অভাৰৰ অন্তত ৩০৬ ৰাণ সংগ্ৰহ কৰে । য'ত ৰোহিত শৰ্মাৰ আকৰ্ষণীয় শতক আৰু প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্টত ছৰফৰাজ খানৰ অৰ্ধশতক অন্তৰ্ভুক্ত আছে । প্ৰথম ১২ অভাৰৰ খেলখন সম্পূৰ্ণ ইংলেণ্ডৰ বলাৰৰ নিয়ন্ত্ৰণত আছিল যদিও অধিনায়ক ৰোহিত আৰু জাদেজাই পুনৰ ভাৰতক খেলখনলৈ ঘূৰাই আনিলে ।
প্ৰথমে ভাৰতে জয়ছোৱাল, শুভমন গিল আৰু ৰজত পাতিদাৰৰ উইকেট হেৰুৱাইছিল যদিও ৰোহিত আৰু জাদেজাই সুন্দৰ পাৰ্টনাৰশ্বিপৰ জৰিয়তে এক শক্তিশালী স্ক'ৰৰ দিশে আগবাঢ়িছে । অৱশ্যে শতক অৰ্জনৰ পিচত ৰোহিতে ১৩১ ৰাণত উইকেট হেৰুৱায় । কেৱল ৰোহিত শৰ্মাই নহয় জাদেজাইও শতকৰ দিশে আগবাঢ়িছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ জাদেজাই ১৮৬ টা বলত ৯৬ ৰাণ সংগ্ৰহ কৰিছে । ছৰফৰাজ খানেও ৫৩ টা বলত ৫৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলিছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ক্ৰিজত ৰবীন্দ্ৰ জাদেজা আৰু ছৰফৰাজ খানে বেটিং কৰি আছে ।
উল্লেখ্য যে খেলখনত ভাৰতীয় দলত চাৰিটা পৰিৱৰ্তন দেখা গৈছে । মুকেশ কুমাৰ, অক্ষৰ পেটেল, কে এছ ভৰতে প্লেয়িং একাদশত স্থান লাভ কৰা নাই । মুকেশ কুমাৰৰ স্থানত মহম্মদ চিৰাজ দললৈ উভতি আহিছে । একে সময়তে, ধ্ৰুৱ জুৰেল আৰু ছৰফৰাজ খানে টেষ্টৰ দলত আত্মপ্ৰকাশ কৰিছে । কে এল ৰাহুলৰ আঘাতৰ বাবে ছৰফৰাজ খানক দলত সুযোগ দিয়া হৈছে । উইকেটকীপাৰ কে এছ ভৰতৰ স্থানত ধ্ৰুৱ জুৰেলক দলত স্থান দিয়া হৈছে ।