স্পৰ্টছ ডেস্ক,২৯ জানুৱাৰী :ভাৰতীয় ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছে । বুমৰাহক ইতিমধ্যে আইচিচিয়ে ভৰ্ৎসনা কৰিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা প্ৰথমখন টেষ্ট মেচত বুমৰাহক আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । অৱশ্যে, বুমৰাহে তেওঁৰ ভুল স্বীকাৰ কৰিছে । যাৰ বাবে তেওঁৰ ওপৰত কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ'ব ।
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট মেচৰ চতুৰ্থ দিনা অলি পোপে ৮১ অভাৰৰ সময়ত ৰাণৰ বাবে দৌৰি আছিল । সেই সময়ত বুমৰাহে ইচ্ছাকৃতভাৱে অলি পোপৰ পথত বাধা হিচাপে থিয় দিছিল । যাৰ ফলত দুয়োৰে মাজত অনুপযুক্ত শাৰীৰিক সম্পৰ্ক হৈছিল । পৰৱৰ্তী সময়ত তেওঁ আইচিচিৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.১২ উলংঘা কৰা দেখা গৈছিল । ইয়াৰ পিচত, আইচিচিয়ে তেওঁক লেবেল ১ উলংঘা কৰাৰ বাবে ভৰ্ৎসনা কৰে ।