স্পৰ্টছ ডেস্ক,৯ মাৰ্চ :ধৰ্মশালাত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ তৃতীয় দিনা ভাৰতীয় দলটোৱে ইংলেণ্ডক ইনিংছ আৰু ৬৪ ৰাণত পৰাস্ত কৰে । ভাৰতীয় দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এই বিজয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় । তেওঁ দ্বিতীয় ইনিংছত ৫ টা উইকেট লাভ কৰি ইংলেণ্ডক ধৰাশায়ী কৰে । এই খেলখনত ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল । ইংলেণ্ড প্ৰথম ইনিংছত ২১৮ ৰাণত অলআউট হৈছিল ।
ভাৰতে প্ৰথম ইনিংছত ৪৭৭ ৰাণ সংগ্ৰহ কৰিছিল আৰু ইংলেণ্ডৰ বিৰুদ্ধে ২৫৯ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । ধৰ্মশালা টেষ্টত এই গুৰুত্বপূৰ্ণ বিজয়ৰ সৈতে ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত ইংলেণ্ডক শৃংখলাটোক ৪-১ত জয়ী হয় ।
ইংলেণ্ডে প্ৰথম ইনিংছত ৫৭.৪ অভাৰত ২১৮ ৰাণ কৰিছিল । জাক ক্ৰাউলিয়ে প্ৰথম ইনিংছত মাত্ৰ অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । এই ইনিংছত কুলদীপ যাদৱে ভাৰতৰ হৈ ৫ টা আৰু ৰবিচন্দ্ৰন অশ্বিনে ৪ টা উইকেট দখল কৰিছিল ।