অসম

assam

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ বাবে ভাৰতক প্ৰয়োজন 152 ৰাণৰ - cricket updates

Ind vs Eng 4th test match: চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত 145 ৰাণত অল আউট ইংলেণ্ড ৷ ভাৰতক জয়ৰ বাবে প্ৰয়োজন আৰু 152 ৰাণৰ ৷

ind vs eng test series
ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 12:51 PM IST

Updated : Feb 25, 2024, 6:33 PM IST

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া টেষ্ট শৃংখলাৰ চতুৰ্থ টেষ্টত বিজয়ৰ দিশে আগুৱাইছে ভাৰতে ৷ তৃতীয় দিনৰ আৰম্ভনিতে ভাৰতে 219 ৰানৰ পৰা পুনৰ বেটিং আৰম্ভ কৰে ৷ ধ্ৰুৱ জুৰেলৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত 307 ৰাণ সংগ্ৰহ কৰে ভাৰতে ৷ কিন্তু 46 ৰাণত ইংলেণ্ডতকৈ পিচপৰি থাকে ভাৰত ৷

দ্বিতীয় ইনিংছ আৰম্ভ কৰি ইংলেণ্ডে প্ৰথমৰ পৰাই উইকেট হেৰুৱাবলৈ ধৰে ৷ 53.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে মাত্ৰ 145 ৰাণ ৷ আলহী দলটোৰ হৈ ক্ৰেৱলেয়ে 60 আৰু বেয়াৰষ্ট’ৱে 30 ৰাণ কৰাৰ বাহিৰে কোনো এগৰাকী খেলুৱৈয়ে সন্তোষজনক ৰাণ কৰিবলৈ সক্ষম নহ’ল ৷

ভাৰতৰ হৈ অভিজ্ঞ স্পিনাৰ অশ্বিনে 15.5 অভাৰত 51 ৰাণ দি ইংলেণ্ডৰ পাঁচটা উইকেট দখল কৰে ৷ কুলদ্বীপ যাদৱে 15 অভাৰত 22 ৰাণ দি 4 টা উইকেট দখল কৰে ৷ ৰবীন্দ্ৰ জাদেজাই দখল কৰে এটা উইকেট ৷ দ্বিতীয় ইনিংছৰ বেটিং আৰম্ভ কৰি ভাৰতে তৃতীয় দিনৰ খেলৰ শেষলৈকে 8 অভাৰত কোনো উইকেট নেহেৰুওৱাকৈ 40 ৰাণ সংগ্ৰহ কৰিছে ৷ ৰোহিত শৰ্মাই 24 আৰু জয়ছোৱালে 16 ৰাণ কৰি খেলি আছে ৷

তৃতীয় দিনা মেচৰ প্ৰথম ইনিংছত ভাৰতে দুপৰীয়াৰ ভোজন বিৰতিলৈকে সকলো উইকেট হেৰুৱাই 307 ৰান সংগ্ৰহ কৰিছে । উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে 90 ৰানৰ দৰ্শনীয় ইনিংছ খেলে । আকাশদীপে 29 টা বল খেলি 9 ৰান সংগ্ৰহ কৰে, য’ত এটা ছিক্সাৰো আছে ।

দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে 7 টা উইকেট হেৰুৱাই 219 ৰান সংগ্ৰহ কৰিছিল । জয়ছোৱালক বাদ দি ভাৰতৰ টপ অৰ্ডাৰে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে দ্বিতীয় ইনিংছত । তৃতীয় দিনা ধ্ৰুৱ জুৰেলে 30 আৰু কুলদীপ যাদৱে 17 ৰানৰ পৰা বেটিং কৰিবলৈ আহে । কুলদীপে আৰু ২ ৰান সংযোজন কৰি 19 ৰান কৰাৰ পিচতেই আউট হয় । ইয়াৰ পিচত ধ্ৰুৱ জুৰেলে সুন্দৰ প্ৰদৰ্শন কৰি 96 টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ।

শেষত ধ্ৰুৱ জুৰেলে 90 ৰানৰ স্ক’ৰত আউট হোৱাত শতকৰ সুযোগ হেৰুৱাই পেলায় । ইফালে খেলখনত কোনো ৰাণ নকৰাকৈয়ে অপৰাজিত হৈ থাকিল মহম্মদ ছিৰাজে । ভাৰতীয় বেটছমেনৰ ভিতৰত যশস্বী জয়ছৱালে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই 8 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 72 ৰান সংগ্ৰহ কৰে । 2 ৰান কৰি সোনকালে পেভিলিয়নলৈ উভতি আহে ৰোহিত শৰ্মা ।

যোৱা মেচখনত শুভমন গিলে শতক অৰ্জন কৰিছিল, এইবাৰ ৩৮ ৰান সংগ্ৰহ কৰি আউট হয় । ৰজত পাটিদাৰো বিফল হ’ল । তেওঁ 42 টা বলত 17 ৰান সংগ্ৰহ কৰে । ৰবীন্দ্ৰ জাদেজাইও মাত্ৰ 12 ৰানহে কৰিবলৈ সক্ষম হয় । যোৱা মেচখনৰ দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰা চৰফৰাজ খানেও 53 টা বলত 14 ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ৰবিচন্দ্ৰন অশ্বিনে 1, কুলদীপ যাদৱে 28 আৰু আকাশদীপে 9 ৰান সংগ্ৰহ কৰে ।

ইংলেণ্ডৰ হৈ শ্বোৱাইব বছিৰে 5 টা উইকেট দখল কৰে । ইয়াৰ বাহিৰেও টম হাৰ্টলিয়ে ৩টা আৰু জেমছ এণ্ডাৰছনে এটা উইকেট দখল কৰে ।

ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেটিং কৰি জো ৰুটৰ শতকৰ সহায়ত 353 ৰান সংগ্ৰহ কৰিছিল ৷ তাৰ প্ৰত্যুত্তৰত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 307 ৰান কৰে আৰু 46 ৰাণত পিচ পৰি থাকে ৷ দ্বিতীয় ইনিংছ আৰম্ভ কৰি 20 ৰাণত দুটা উইকেট হেৰুৱাই খেলি আছে ৷

লগতে পঢ়ক:ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট, প্ৰথম ইনিংছত ইংলেণ্ডৰ ৩৫৩ ৰাণ সংগ্ৰহ

Last Updated : Feb 25, 2024, 6:33 PM IST

ABOUT THE AUTHOR

...view details