স্পৰ্টছ ডেস্ক, ১৯ ফেব্ৰুৱাৰী :ইংলেণ্ড আৰু ভাৰতৰ মাজত চলিত পাঁচখন টেষ্টৰ শৃংখলাত ২-১ ব্যৱধানত ভাৰত আগবাঢ়ি আছে । হায়দৰাবাদ টেষ্টত পৰাজয়ৰ পিছত পৰৱৰ্তী দুখন টেষ্ট ক্ৰমে বিশাখাপট্টনম আৰু ৰাজকোটত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বিজয় সাব্যস্ত কৰিছে । এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টেষ্ট ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হ'ব । এই মেচখনৰ বাবে ভাৰতীয় দলটো ২০ ফেব্ৰুৱাৰীত ৰাঁচীত উপস্থিত হ'ব । উল্লেখ্য যে ৰাঁচীৰ এই ষ্টেডিয়ামত ভাৰত এতিয়ালৈকে অপ্ৰতিৰোধ্য হৈ আছে । অৱশ্যে ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাটোৰ তিনিওখন মেচৰ তিনিওখন ষ্টেডিয়ামতে পূৰ্বে পৰাস্ত হোৱা নাছিল ।
ভাৰতে এতিয়ালৈকে ৰাঁচীত দুখন টেষ্ট মেচ খেলিছে । ইয়াৰে ভিতৰত এখন মেচ ড্ৰ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত ভাৰতে আফ্ৰিকাক পৰাস্ত কৰিছে । ষ্টেডিয়ামটোত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল । অৱশ্যে এই মেচখন ফলাফল শূন্যভাৱে সমাপ্ত হয় । মেচখনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা চেতেশ্বৰ পুজাৰাই ৫২৫ টা বলত ২০২ ৰাণ সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰে । আনহাতে, ৰবীন্দ্ৰ জাদেজাই প্ৰথম ইনিংছত ৫ টা আৰু দ্বিতীয় ইনিংছত ৪ টা উইকেট দখল কৰে । চেতেশ্বৰ পূজাৰাক মেচখনত 'প্লেয়াৰ অব দ্য মেচ' বঁটা প্ৰদান কৰা হয় ।