কলকাতা :কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টি-২০ খেলত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে । এই খেলখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰে আৰু ২০ অভাৰত ১০ টা উইকেট হেৰুৱাই ১৩২ ৰাণ সংগ্ৰহ কৰে ।
ভাৰতীয় দলে ১২.৫ অভাৰতে ১৩৩ ৰাণৰ লক্ষ্যত উপনীত হয় । বাকী থকা বলৰ ক্ষেত্ৰত আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ এয়া সৰ্ববৃহৎ জয় ।
- ৭ উইকেটত পৰাস্ত ইংলেণ্ড
সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই এই খেলখনত ভাৰতৰ হৈ ইনিংছ আৰম্ভ কৰে । ৪.২ অভাৰত দুয়োগৰাকী বেটছমেনে ৪১ ৰাণ সংগ্ৰহ কৰে । তাৰ পিছতে ভাৰতে সঞ্জুৰ উইকেট হেৰুৱায় । সঞ্জুক জোফ্ৰা আৰ্চাৰে ২৬ ৰাণত আউট কৰিবলৈ সক্ষম হয় ।
৪ টা চাৰি আৰু ১ টা ছিক্সাৰৰ জৰিয়তে ১৩০ ষ্ট্ৰাইক ৰেটত সঞ্জুৱে ২০ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে । ইফালে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে শূন্য ৰাণতে আউট হয় । সূৰ্যকুমাৰ যাদৱৰ উইকেটো জোফ্ৰা আৰ্চাৰে ল'বলৈ সক্ষম হয় ।