অসম

assam

ETV Bharat / sports

যশস্বী জয়ছোৱালৰ ঐতিহাসিক শতক; অষ্ট্ৰেলিয়াত 47 বছৰীয়া অপেক্ষাৰ অন্ত

Yashasvi Jaiswal Century: টীম ইণ্ডিয়াৰ বাওঁহতীয়া অ’পেনাৰ বেটছমেন যশস্ৱী জয়ছোৱালৰ ঐতিহাসিক শতক ৷ অষ্ট্ৰেলিয়াত সুন্দৰ শতক অৰ্জন কৰাৰ লগতে অভিলেখ গঢ়িলে ক্ৰিকেটাৰগৰাকীয়ে ৷

BORDER GAVASKAR TROPHY 2025
যশস্বী জয়ছোৱালৰ শতক অৰ্জনৰ মুহূৰ্ত (AP Photo)

By ETV Bharat Sports Team

Published : Nov 24, 2024, 2:12 PM IST

স্প’ৰ্টছ ডেস্ক:টীম ইণ্ডিয়াৰবাওঁহতীয়া অ’পেনাৰ যশস্বী জয়ছোৱালে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ঐতিহাসিক শতক অৰ্জন কৰে ।

প্ৰায় 47 বছৰীয়া ব্যৰ্থতাৰ অৱসান ঘটাই জয়ছোৱালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত এই শতক অৰ্জন কৰে । তদুপৰি এই অভিলেখ অৰ্জনকাৰী ভাৰতৰ তৃতীয়গৰাকী বেটছমেনত পৰিণত হয় যশস্বী জয়ছোৱাল ৷

অষ্ট্ৰেলিয়াত প্ৰথম টেষ্টত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনজনসকল

101 - এম এল জয়সিংহ, ব্ৰীছবেন, 1967-68
113 - সুনীল গাভাস্কাৰ, ব্ৰীছবেন, 1977-78
141* - যশস্বী জয়ছোৱাল, পাৰ্থ, 2024

পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়া পৰিছে বেকফুটত ৷ প্ৰথম ইনিংছত মাত্ৰ 150 ৰাণ সংগ্ৰহ কৰা ভাৰতে দ্বিতীয় ইনিংছত সুন্দৰ প্ৰত্যাৱৰ্তনৰে মেচখনত শক্তিশালী স্থিতিত উপনীত হৈছে ৷

যশস্বী জয়ছোৱালে কে এল ৰাহুলৰ (77) সৈতে প্ৰথম উইকেটৰ যুটিত 201 ৰাণ সংগ্ৰহ কৰি ভাৰতক শক্তিশালী স্থিতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ এই ঐতিহাসিক অংশীদাৰিত্বৰ সৈতে দুয়োগৰাকী বেটছমেনে 38 বছৰীয়া পুৰণি অভিলেখ ভংগ কৰে ।

অষ্ট্ৰেলিয়াত দলটোৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ অ’পেনিং অংশীদাৰিত্ব

201 ৰাণ - যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল - পাৰ্থ - 2024
191 ৰাণ - সুনীল গাভাস্কাৰ আৰু কৃষ্ণমাচাৰী শ্ৰীকান্ত - ছিডনী - 1986
165 ৰাণ - নীল গাভাস্কাৰ আৰু চেতন চৌহান - মেলব’ৰ্ণ - 1981
141 ৰাণ - আকাশ চোপ্ৰা আৰু বীৰেন্দ্ৰ ছেহৱাগ - মেলব’ৰ্ণ - 2003
124 ৰাণ - ভিনু মানকাড আৰু চান্দু চাৰৱাটে – মেলব’ৰ্ণ - 1948
123 ৰাণ - আকাশ চোপ্ৰা আৰু বীৰেন্দ্ৰ ছেহৱাগ - ছিডনী - 2004

পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত শূন্যতে পেভিলিয়নলৈ ওভতা জয়ছোৱালে দ্বিতীয় ইনিংছত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি জছ হেজলউডৰ বলত এটা আকাশচুম্বী ছয়ৰ সহায়ত সম্পূৰ্ণ কৰে টেষ্ট কেৰিয়াৰৰ চতুৰ্থটো শতক ৷ এই দৰ্শনীয় শতকৰ সৈতে জয়ছোৱালে বহু অভিলেখো স্থাপন কৰে ৷

যশস্বী জয়ছোৱালৰ আন আন অভিলেখ

23 বছৰ বয়সৰ পূৰ্বে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক টেষ্ট শতক (ভাৰত)

  • 4 - 1971 চনত সুনীল গাভাস্কাৰ
  • 4 - 1993 চনত বিনোদ কাম্বলী
  • 3 - 1984 চনত ৰবি শাস্ত্ৰী
  • 3 - 1992 চনত শচীন তেণ্ডুলকাৰ
  • 3 - 2024 চনত যশস্বী জয়ছোৱাল

অষ্ট্ৰেলিয়াত টেষ্ট শতক অৰ্জন কৰা অন্তিমগৰাকী ভাৰতীয় অ’পেনাৰ হৈছে কে এল ৰাহুল (110), যিয়ে 2014-15 বৰ্ষত মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত (এছ চি জি) শতক অৰ্জন কৰিছিল ।

23 বছৰ বয়সৰ পূৰ্বে সৰ্বাধিক টেষ্ট শতক (ভাৰত)

  • 8 - শচীন তেণ্ডুলকাৰ
  • 5 - ৰবি শাস্ত্ৰী
  • 4 - সুনীল গাভাস্কাৰ
  • 4- বিনোদ কাম্বলী
  • 4- যশস্বী জয়ছোৱাল

SENA দেশসমূহত ভাৰতৰ বাবে সৰ্বাধিক ইনিংছ মুকলি

  • 213 - সুনীল গাভাস্কাৰ, চেতন চৌহান বনাম ইংলেণ্ড, দ্য অভেল, 1979
  • 203 - বিজয় মাৰ্চেণ্ট, মুস্তাক আলী বনাম ইংলেণ্ড, মানচেষ্টাৰ, 1936
  • 201 - যশস্বী জয়ছোৱাল, কে এল ৰাহুল বনাম অষ্ট্ৰেলিয়া, পাৰ্থ (অপ্টাছ), 2024
  • 191 - সুনীল গাভাস্কাৰ, কৃষ্ণমাচাৰী শ্ৰীকান্ত বনাম অষ্ট্ৰেলিয়া, ছিডনী, 1986
  • 165 - সুনীল গাভাস্কাৰ, চেতন চৌহান বনাম অষ্ট্ৰেলিয়া, মেলব’ৰ্ণ, 1981

লগতে পঢ়ক:কিংবদন্তী বেটছমেনৰ অভিলেখ ভংগ কৰি ছিক্সাৰ কিঙত পৰিণত যশস্বী জয়ছোৱাল

ABOUT THE AUTHOR

...view details