স্প’ৰ্টছ ডেস্ক: ভাৰতীয় বেটছমেন কে এল ৰাহুলে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনটোতে 3000 টেষ্ট ৰাণ সংগ্ৰহ কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ 32 বছৰীয়া বেটছমেনগৰাকীয়ে 8 টা শতক আৰু 15 টা অৰ্ধশতকৰ সৈতে 34 ৰ গড়ত 54 খন খেলত এই অভিলেখ অৰ্জন কৰে ।
ৰাহুল হৈছে টেষ্ট ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা 26 তম ভাৰতীয় খেলুৱৈ ৷ ৰাহুলে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ বলত কভাৰ ড্ৰাইভ খেলি এই সফলতা অৰ্জন কৰে ।
টেষ্টত 3000 ৰাণ সম্পূৰ্ণ কে এল ৰাহুলৰ
বাওঁহতীয়া ফাষ্ট বলাৰ মিচেল ষ্টাৰ্কৰ দ্বাৰা আউট হোৱাৰ পূৰ্বে ৰাহুলক এক ছন্দত থকা দেখা যায় ৷ বেটছমেনগৰাকীয়ে 74 টা বলত 26 ৰাণ সংগ্ৰহ কৰিছিল । ৰাহুলক পূৰ্বে আম্পায়াৰে নট আউট ঘোষণা কৰে যদিও অষ্ট্ৰেলিয়াৰ পুনৰীক্ষণৰ অনুৰোধত আম্পায়াৰে এই সিদ্ধান্তটো ওলোটাই দিয়ে ।
কে এল ৰাহুলৰ উইকেটক লৈ বিতৰ্ক
ৰাহুলৰ উইকেট পতনে শুকুৰবাৰৰ দিনটোত কিছু বিতৰ্কৰ সৃষ্টি কৰে ৷ আম্পায়াৰৰ হতচকিত সিদ্ধান্তৰ পিছত খেলুৱৈগৰাকী হতাশাত ভোগে ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইক হাছিয়ে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বলটো পেডত খুন্দা মাৰিলে স্নিকোৱে স্পাইক দেখুওৱাৰ সম্ভাৱনাৰ দিশটো আঙুলিয়াই দিছিল ।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ পিছত শৃংখলাটোৰ মাজভাগত বাদ পৰা সোঁহতীয়া খেলুৱৈজনক ভাৰত এ আৰু অষ্ট্ৰেলিয়া এ-ৰ মাজত অনুষ্ঠিত দ্বিতীয়খন ৰঙা বলৰ খেলৰ বাবে পুনৰ আমন্ত্ৰণ জনোৱা হয় ।
কে এল ৰাহুলৰ অভিলেখ
টেষ্ট ক্ৰিকেটত সাফল্যৰ উপৰিও ৰাহুলে এদিনীয়াত 2,851 ৰাণ আৰু টি-20 ক্ৰিকেটত 2,265 ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ অৰ্জন কৰিছে ৷ তেওঁ এদিনীয়া বিশ্বকাপ 2023 ত ভাৰতৰ ফাইনেল যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । লগতে খিতাপ দখলৰ যুঁজত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱা ভাৰতৰ হৈ সোঁহতীয়া বেটছমেনগৰাকীয়ে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল ৷
লগতে পঢ়ক:কে এল ৰাহুলৰ লগত অন্যায় ! থাৰ্ড আম্পায়াৰৰ ভুল সিদ্ধান্তত পাকিস্তানী ক্ৰিকেটাৰৰ খং