স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ ভাৰতে 150 ৰাণ সংগ্ৰহ কৰাৰ পিছত কেংগাৰু বাহিনীয়ে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 104 ৰাণ ৷
ঘৰৰ মাটিতে আয়োজক অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক দিশহাৰা কৰি তোলা ভাৰতীয় বলাৰসকলৰ প্ৰদৰ্শনত হতবাক হৈ পৰিছে ক্ৰিকেটপ্ৰেমী ৷ বলাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভাৰতে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 46 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷
104 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া
পাৰ্থ টেষ্টত আধিপত্য বিস্তাৰ কৰিছে দুয়োটা দলৰ বলাৰসকলে ৷ বিশেষকৈ ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত দিশহাৰা কৰি তোলা দেখা যায় অষ্ট্ৰেলিয়াৰ বেটছমেনক ৷ যাৰ বাবে দলটোৱে প্ৰথম ইনিংছত 104 ৰাণতে সীমাবদ্ধ থকা দেখা গৈছে ৷ মেচখনৰ প্ৰথম দিনটোত অষ্ট্ৰেলিয়াই 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 67 ৰাণ ৷ দ্বিতীয় দিনটোৰ প্ৰথম অভাৰৰ প্ৰথম বলত বুমৰাহে এলেক্স কেৰীক ব্যক্তিগত 21 ৰাণত ক্ৰিজৰ পৰা বিদায় দি অষ্ট্ৰেলিয়াৰ শিবিৰত বৃহৎ আঘাত হানে ।
ষ্টাৰ্ক-হেজলউডৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব
প্ৰথমখন টেষ্ট খেলি থকা সোঁহতীয়া ফাষ্ট বলাৰ হৰ্ষিত ৰাণাই নাথান লিয়নক (5) আউট কৰাৰ সময়ত অষ্ট্ৰেলিয়াৰ দলীয় স্ক’ৰ আছিল 79 ৰাণ ৷ কিন্তু তাৰ পিছত দশম উইকেটত মিচেল ষ্টাৰ্ক (26) আৰু জছ হেজলউডে (7) 25 ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্বৰে অষ্ট্ৰেলিয়াৰ স্ক’ৰ 100 ৰ ওপৰলৈ নিয়ে ৷ ৰাণাই ঋষভ পন্তৰ হাতত ষ্টাৰ্কৰ উইকেট তুলি দি অষ্ট্ৰেলিয়াক 104 ৰাণত সীমাবদ্ধ কৰি ৰখাৰ লগতে ভাৰতক প্ৰদান কৰে 46 ৰাণৰ অগ্ৰগতি ।