স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ:সম্প্ৰতি চলি থকা আই চি চি মহিলা টি 20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত পৰাস্ত ভাৰত ৷ দেওবাৰে অনুষ্ঠিত গ্ৰুপৰ শেষৰখন মেচত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে ৷
হৰমনপ্ৰীত নেতৃত্বাধীন টীম ইণ্ডিয়াই 152 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 142 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে মেচখনত মাত্ৰ 9 ৰাণত জয় লাভ কৰে কেংগাৰু বাহিনীয়ে ৷ এই পৰাজয়ে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত দলটোক উপনীত হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ৷ অৱশ্যে এতিয়াও শীৰ্ষ 4 ত উপনীত হ’বলৈ দলটোৱে লাভ কৰিব পাৰে সুযোগ ৷ পিছে এয়া কেনেদৰে সম্ভৱ ?
ছেমি ফাইনেলত উপনীত হ’বলৈ টীম ইণ্ডিয়াৰ সমীকৰণ
অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পিছত মহিলা টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতৰ হাতত আছে এক বিকল্প সুযোগ ৷ অৱশ্য়ে সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচখনৰ ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব ভাৰতৰ এই যাত্ৰাৰ ভৱিষ্যত ৷
যদিহে উক্ত মেচখনত পাকিস্তানে জয় লাভ কৰে, তেন্তে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সজীৱ হৈ থাকিব ৷
চাৰিখন খেলৰ ভিতৰত দুখনত জয়ী হোৱা ভাৰত বৰ্তমান গ্ৰুপ এ ৰ দ্বিতীয় স্থানত আছে ৷ এই মুহূৰ্তত নিউজিলেণ্ডতকৈ উন্নত নেট ৰাণৰেট আছে ভাৰতৰ । অৱশ্যে, নিউজিলেণ্ডৰ যিকোনো জয়ে 3 টা জয়ৰ সৈতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । কিন্তু যিকোনো ধৰণৰ পৰাজয় কিৱি দলৰ বাবে মাৰাত্মক প্ৰতিপন্ন হোৱাৰ সম্ভাৱনা অধিক ৷
আনকি সোমবাৰে সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ড-পাকিস্তানৰ মেচখনত নিউজিলেণ্ডে সমতা অৰ্জন কৰিলে বা চুপাৰ অভাৰত পৰাজিত হ'লেও তেওঁলোকৰ নেট ৰাণৰ হাৰ ভাৰততকৈ কম হ'ব ।