অসম

assam

ETV Bharat / sports

20 অভাৰত 349 ৰাণ, 37 ছয়; টি-20 ক্ৰিকেটত সৰ্বাধিক ছয়ৰে চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাৰ কৃতিত্ব - SYED MUSHTAQ ALI TROPHY

T20 cricket record: চৈয়দ মুস্তাক আলী ট্ৰফীত বৰোদাৰ কৃতিত্ব ৷ 20 অভাৰত 5 উইকেটত 349 ৰাণ সংগ্ৰহৰে টি-20 ক্ৰিকেটত সৰ্বাধিক স্ক’ৰৰ অভিলেখ ৷

SYED MUSHTAQ ALI TROPHY
বৰোদাৰ দলটো (@INSIDDE_OUT X handle)

By ETV Bharat Sports Team

Published : Dec 5, 2024, 3:50 PM IST

স্প’ৰ্টছ ডেস্ক:টি-20 ক্ৰিকেটৰ ইতিহাসত সদায়ে লিপিবদ্ধ হৈ ৰ’ব চৈয়দ মুস্তাক আলী ট্ৰফীৰ নাম ৷ ভাৰতৰ এই ঘৰুৱা প্ৰতিযোগিতাখন সাক্ষী হৈ ৰৈছে বহু অভিলেখৰ ৷ তাৰমাজতে আছে সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখৰ লগতে টি 20 ক্ৰিকেটত সৰ্বাধিক ছয়ৰ অভিলেখ ৷

অৱশ্যে প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক এই খেলখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।

টি-20 ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক স্ক'ৰ

বৃহস্পতিবাৰে ইন্দোৰত ক্ৰুণাল পাণ্ডিয়াৰ নেতৃত্বত বৰোদাই ছিকিমৰ বিৰুদ্ধে এখন মেচত অংশগ্ৰহণ কৰে ৷ সেই খেলখনত বৰোদাই নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 349 ৰাণ ৷ যিটো আছিল টি-20 ক্ৰিকেটৰ ইতিহাসত কোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক স্ক'ৰ ৷

বৰোদা ভাৰতৰ ঘৰুৱা টি-20 প্ৰতিযোগিতাত 300 ত কৈ অধিক ৰাণ সংগ্ৰহকাৰী প্ৰথমটো দলত পৰিণত হৈছে ৷ পূৰ্বে পঞ্জাৱে 2023 চনত অন্ধ্ৰৰ বিৰুদ্ধে 275 ৰাণ সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল ৷

বৰোদাৰ বেটছমেনসকলৰ দৰ্শনীয় বেটিং

বৰোদাৰ অপেনাৰ শাশ্বত ৰাৱত (16 টা বলত 43 ৰাণ) আৰু অভিমন্যু সিঙে (17 টা বলত 53 ৰাণ) দৰ্শনীয় প্ৰদৰ্শনৰে দলৰ ইনিংছ মুকলি কৰিছিল ৷ যুটিটোৱে মাত্ৰ 31 টা বলত 92 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷

পনিয়াই আৰম্ভণিৰ পৰাই সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি 5 টা চাৰি আৰু 15 টা ছয়ৰে 42 টা বলত শতক অৰ্জন কৰে ৷ ইয়াৰ পিছত শিৱালিক শৰ্মাই 17 টা বলত 55 ৰাণ সংগ্ৰহ কৰাৰ লগতে বিষ্ণু চোলাংকীয়ে 16 টা বলত 50 ৰাণ সংগ্ৰহ কৰে ।

বৰোদাই ভংগ কৰে জিম্বাব’ৱেৰ অভিলেখ

ইয়াৰ পূৰ্বে টি-20 ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ আছিল জিম্বাব’ৱেৰ নামত ৷ যিয়ে চলিত বৰ্ষৰ অক্টোবৰত গাম্বিয়াৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল 344 ৰাণ ৷ এই খেলখনত ছিকন্দৰ ৰাজাই 43 টা বলত 133 ৰাণৰ ইনিংছ খেলে ৷

টি-20 ক্ৰিকেটত সৰ্বাধিক স্ক'ৰ

  • বৰোদা 349/5 বনাম ছিকিম - 2024
  • জিম্বাব’ৱে 344/4 বনাম গাম্বিয়া - 2024
  • নেপাল 314/3 বনাম মংগোলিয়া - 2023
  • ভাৰত 297/6 বনাম বাংলাদেশ - 2024

লগতে পঢ়ক:মহিলাই গ্ৰহণ কৰিব নোৱাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা; তালিবানৰ বিৰোধিতা আফগান ক্ৰিকেটাৰৰ

ABOUT THE AUTHOR

...view details