স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ আজি দ্বিতীয়টো দিন ৷ মেচখনৰ প্ৰথম দিনটোত বিধ্বংসী বলিঙৰ জৰিয়তে ইতিহাস ৰচে বাংলাদেশৰ যুৱ দ্ৰুত বলাৰ হাছান মাহমুদে । মাহমুদৰ বলিঙত তিষ্ঠিব নোৱাৰি ছেদেলি-ভেদেলি হৈ পৰে ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনসকল ৷
হাছান মাহমুদৰ ইতিহাস ৰচনা
ভাৰতত এখন টেষ্ট মেচৰ এটা ইনিংছতে 5 টাকৈ উইকেট দখল কৰা বাংলাদেশৰ প্ৰথমজন বলাৰত পৰিগণিত হয় হাছান মাহমুদ । বলাৰগৰাকীৰ বিধ্বংসী বলিঙৰ বাবে বাংলাদেশে টীম ইণ্ডিয়াক আটাইকেইটা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত 376 ৰাণত বান্ধি ৰাখিবলৈ সক্ষম হয় ৷
নতুন বলৰ সৈতে সঠিকভাৱে বলিং কৰাৰ বাবে বিখ্যাত বাংলাদেশৰ সোঁহতীয়া দ্ৰুত বলাৰ মাহমুদে প্ৰথম ইনিংছত 22.2 অভাৰত 83 ৰাণৰ বিনিময়ত দখল কৰে 5 উইকেট ৷ ইয়াৰ উপৰিও 2007 চনৰ পিছত 17 বছৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে 5 টাকৈ উইকেট দখল কৰা এছিয়াৰ ফাষ্ট বলাৰত পৰিগণিত হয় বাংলাদেশৰ হাছান মাহমুদ ।
ভাৰতীয় শিবিৰত চাঞ্চল্যৰ সৃষ্টি
চেন্নাই টেষ্টত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । মাহমুদে উদ্বোধনী টেষ্ট মেচখনতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল আৰু বিৰাট কোহলীৰ দৰে শীৰ্ষ বেটছমেনসকলৰ উইকেট দখল কৰি ভাৰতীয় শিবিৰত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।