অসম

assam

ডায়মণ্ড লীগত অংশগ্ৰহণ কৰিব গ’ল্ডেন বয় নীৰজ চোপ্ৰাই: ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব এই খেল - NEERAJ CHOPRA IN DIAMOND LEAGUE

By ETV Bharat Sports Team

Published : Aug 21, 2024, 7:36 PM IST

Diamond League 2024: ডায়মণ্ড লীগ 2024 ৰ বাবে অৰ্হতা ৰাউণ্ড বৃহস্পতিবাৰে আৰম্ভ হ'ব । সকলোৰে দৃষ্টি আৱদ্ধ থাকিব ভাৰতৰ দ্বৈত অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাৰ ওপৰত । কেতিয়া, কোন সময়ত নীৰজৰ খেল উপভোগ কৰিব পাৰিব, পঢ়ক এই প্ৰতিবেদনত ৷

NEERAJ CHOPRA IN DIAMOND LEAGUE
নীৰজ চোপ্ৰা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 আগষ্ট:পেৰিছ অলিম্পিক 2024 ত ভাৰতৰ হৈ একমাত্ৰ ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰা বৰ্তমান আছে ছুইজাৰলেণ্ডত । ৰূপৰ পদক জয় কৰাৰ পাছতো নীৰজ ভাৰতলৈ উভতি অহা নাই । সমগ্ৰ দেশে পেৰিছত নীৰজ চোপ্ৰাৰ পৰা সোণৰ পদক আশা কৰিছিল যদিও পাকিস্তানৰ অৰ্শদ নাদিমেহে লাভ কৰে স্বৰ্ণপদক ৷ পদক জয় কৰাৰ পাছতো নীৰজে তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট হোৱা নাছিল ।

এই মুহূৰ্তত ছুইজাৰলেণ্ডত থকা নীৰজে 22 আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া ডায়মণ্ড লীগত আধিপত্য বিস্তাৰ কৰিবলৈ সাজু হৈছে । এই লীগ ছুইজাৰলেণ্ডৰ লাউচেনৰ ষ্টেড অলিম্পিক দে লা পণ্টেছত অনুষ্ঠিত হ’ব । টকিঅ’ অলিম্পিক 2020 ৰ স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাই পেৰিছ 2024 ৰ ব্ৰঞ্জ বিজয়ী এণ্ডাৰচন পিটাৰ্ছ(গ্ৰেনাডা), জেকব ৱাডলেজ(চেক গণৰাজ্য) আৰু জুলিয়াছ য়েগো(কেনিয়া) ৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

দৃষ্টি থাকিব অৰ্শদ নাদিমৰ অভিলেখৰ ওপৰত

চলিত বৰ্ষৰ মে’ মাহত ডোহা ডায়মণ্ড লীগত ৱাডলেজত দ্বিতীয় স্থান লাভ কৰা চোপ্ৰাৰ এই ছিজনৰ দ্বিতীয় ডায়মণ্ড লীগ প্ৰদৰ্শন । সমগ্ৰ দেশে এই অনুষ্ঠানত নীৰজ চোপ্ৰাৰ প্ৰদৰ্শনৰ বাবে অপেক্ষা কৰিব । নীৰজে পেৰিছত সোণৰ পদক লাভ কৰিব নোৱাৰিলে, কিন্তু এই প্ৰতিযোগিতাত সোণৰ পদক জিকি নিশ্চিতভাৱে ভাৰতলৈ উভতি আহিব বিচাৰিব । নীৰজ চোপ্ৰাই কেতিয়া পাকিস্তানৰ অৰ্শদ নাদিমৰ অভিলেখ ভংগ কৰিব, তাৰ বাবে সমগ্ৰ দেশ বৰ্তমান অপেক্ষাৰত ৷

ক’ত উপভোগ কৰিব পাৰিব নীৰজ চোপ্ৰাৰ খেল ?

ডায়মণ্ড লীগ বৃহস্পতিবাৰে নিশা 11.30 বজাত আৰম্ভ হ’ব । নীৰজ চোপ্ৰাই ভাৰতীয় সময়মতে, দুপৰীয়া 12.30 বজাৰ পৰা জেভলিন থ্ৰ’ ইভেণ্টত অংশগ্ৰহণ কৰিব ৷ এই লীগৰ খেলসমূহ ডিজিটেল মাধ্যমৰ জৰিয়তে জিঅ’ চিনেমাত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । ইয়াৰোপৰি, অনুৰাগীসকলে Sports18-3 ত ইয়াৰ লাইভ সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিব পাৰে ৷

লগতে পঢ়ক:মই মোৰ সৰ্বশ্ৰেষ্ঠ দিছিলো, কিন্তু সিদিনা অৰ্শদৰ দিন আছিল : স্বৰ্ণ হেৰুওৱাৰ পিছত নীৰজ চোপ্ৰাৰ প্ৰতিক্ৰিয়া - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details