নিউজ ডেস্ক, ২৮ মে’: ১০ বছৰৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) আই পি এল খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ নতুন মুখ্য প্ৰশিক্ষকৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । তেওঁৰ নিৰ্দেশনাত আই পি এলৰ ১৭ সংখ্যক ছিজনত কেকেআৰে যিদৰে প্ৰদৰ্শন কৰিছে, তাৰ বাবেই অনুৰাগীসকলে তেওঁক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিবলৈ দাবী জনাই আহিছে ।
শেহতীয়াকৈ এটা খবৰ ওলাইছে যে অহা মাহত কাৰ্যকাল সমাপ্ত হ’বলগীয়া ৰাহুল দ্ৰাবিড়ৰ ঠাইত গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে ।
মুখ্য প্ৰশিক্ষক হ’ব গৌতম গম্ভীৰ
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি গৌতম গম্ভীৰ যে ভাৰতৰ মুখ্য প্ৰশিক্ষক হ’ব সেয়া প্ৰায় নিশ্চিত । প্ৰতিবেদনত কোৱা হৈছে যে, বিচিচিআইৰ শীৰ্ষ বিষয়াসকলৰ অতি ঘনিষ্ঠ আইপিএলৰ ফ্ৰেঞ্চাইজিৰ এজন অতি উচ্চ পদস্থ মালিকে কয় যে গম্ভীৰ নিযুক্তি এটা ডুন ডিল আৰু ইয়াক অতি সোনকালে ঘোষণা কৰা হ’ব ।
লগতে পঢ়ক:কোন হ’ব ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক? গৌতম গম্ভীৰৰ কাষ চাপিছে বি চি চি আই ! - new Indian Head coach
একে সময়তে বিচিচিআইত ঘটি থকা ঘটনাৰ বিষয়ে ভালদৰেই অৱগত এজন হাই প্ৰফাইল ধাৰাভাষ্যকাৰে গম্ভীৰক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি কৈছে । কথাটো হ’ল এতিয়ালৈকে কোনো ঘোষণা কৰা হোৱা নাই । ইয়াৰ পৰা দেখা যায় যে তেওঁলোকৰ সৈতে এই বিষয়ত আলোচনা চলি আছে ।