স্প’ৰ্টছ ডেস্ক, ২৯ জুন :আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা । দহ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব নে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী হাতত দাঙি ল'ব ? তাৰ বাবে এতিয়াৰে আৰম্ভ হৈছে স্নায়ু যুঁজ । লগতে অনুৰাগী তথা সমৰ্থকৰ অন্তহীন উত্তেজনা ।
কিয়নো শনিবাৰে বাৰ্বাডোজত নিজৰ বিশ্বকাপৰ চতুৰ্থটো ট্ৰফী দাঙিবৰ বাবে যেনেদৰে ব্যগ্ৰ হৈ আছে ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়া ৷ তেনেদৰে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা আফ্ৰিকান দেশখনেও ইতিহাস সৃষ্টিৰ অপেক্ষাত আছে ।
এই ঐতিহাসিক মেচখন পৰিচালনাৰ বাবে খেলপথাৰত দায়িত্ব অৰ্পণ কৰা হৈছে দুই অভিজ্ঞ আম্পায়াৰক । ক্ৰিষ্টোফাৰ গাফানি আৰু ৰিচাৰ্ড ইলিংৱৰ্থে চলিত বৰ্ষৰ আইচিচি পুৰুষ টি 20 বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনত অন ফিল্ড আম্পায়াৰিং কৰিব ।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাই ত্ৰিনিদাদ আৰু ট'বেগোত আফগানিস্তানৰ বিৰুদ্ধে ৯ উইকেটত বিজয় সাব্যস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত উপনীত হৈছে । আনহাতে, গায়েনাত অনুষ্ঠিত দ্বিতীয় ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি ট্ৰফীৰ দাবীদাৰ হৈছে ।
ইফালে ৰিচাৰ্ড কেটেলবৰো হ'ব টিভি আম্পায়াৰ আৰু চতুৰ্থ আম্পায়াৰ হ'ব ৰডনি টকাৰ । মেচ ৰেফাৰী হিচাপে থাকিব ৰিচি ৰিচাৰ্ডচন । বাৰ্বাডোজে ব্ৰিজটাউনৰ কেনিংটন অভেলত অন্তিমবাৰ 2010 চনৰ পিচত এইবাৰ দ্বিতীয়বাৰৰ বাবে ফাইনেল আয়োজন কৰিছে ।
স্থানীয় সময় অনুসৰি পুৱা ১০.৩০ বজাত মেচখন আৰম্ভ হ'ব । ভাৰতে ১০ বছৰৰ পিচত টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে আৰু মেন ইন ব্লুৱে আকাংক্ষিত ট্ৰফীটোৰ ফালে দৃষ্টি ৰাখিছে ।