স্প’ৰ্টছ ডেস্ক, 2 জুলাই:ভাৰতীয় ক্ৰিকেট দলত স্থান লাভৰ পিচতেই সকলোৰে শুভেচ্ছা লাভ কৰা অসম সন্তান ৰিয়ান পৰাগ এইবাৰ সন্মুখীন হৈছে সমালোচনাৰ ৷ দলৰেই এজন প্ৰাক্তন খেলুৱৈয়ে সমালোচনা কৰিছে ৰিয়ানক ৷ টি-20 বিশ্বকাপ 2024 ৰ সন্দৰ্ভত এটা সাক্ষাৎকাৰত ৰিয়ানে কৰা মন্তব্যৰ বাবেই তেওঁক সমালোচনা কৰা হৈছে ৷
2024 ৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ খেল প্ৰদৰ্শন কৰা ৰিয়ান পৰাগে টুৰ্ণামেন্টটোত সংগ্ৰহ কৰিছিল মুঠ 531 ৰাণ ৷ ৰিয়ানৰ আই পি এলৰ প্ৰদৰ্শন চাই বহুতেই আশা প্ৰকাশ কৰিছিল যে 2024 টি-20 বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান পাব ৰিয়ানে ৷ কিন্তু কাৰ্যতঃ তেনে নহ’ল ৷
ইয়াৰ পিচতেই এটা প’ডকাষ্টত ৰিয়ানক টি-20 বিশ্বকাপ চোৱাৰ কথা সোধা হৈছিল ৷ ৰিয়ানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে তেওঁ টি-20 বিশ্বকাপ চাবলৈ যোৱা নাই ৷ ‘‘মই আৰু ক্ৰিকেট চাব নিবিচাৰোঁ, কাৰণ মই বিশ্বকাপ খেলিব বিচাৰোঁ ৷’’
লগতে পঢ়ক:বিদায়ী ভাষণত কি ক'লে ৰাহুল দ্ৰাবিড়ে ? - Rahul Dravid farewell speech
ৰিয়ানৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন পেচ বলাৰ তথা 2007 চনৰ টি-20 বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য এছ শ্ৰীসান্থে ৷ টি-20 বিশ্বকাপ 2024 ৰ ফাইনেলৰ সময়ত ষ্টাৰ স্প‘ৰ্টছৰ ধাৰাভাষ্যকাৰ হিচাপে থকা শ্ৰীসান্থে কয় যে কিছুমান যুৱকে দলত স্থান লাভ নকৰাৰ বাবেও বিশ্বকাপ নাচাওঁ বুলি কৈছে ৷ ৰিয়ান পৰাগক প্ৰথমে এজন দেশপ্ৰেমী হ’বলৈ পৰামৰ্শ দিয়ে শ্ৰীসান্থে ৷