স্প’ৰ্টছ ডেস্ক, 15 জুলাই :যুৱ খেলুৱৈ লেমিন য়ামালে এইবাৰ ইউৰো কাপত ফুটবল প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ ফ্ৰান্সৰ বিৰুদ্ধে ছেমিফাইনেলত তেওঁৰ প্ৰদৰ্শনে সকলোকে আকৰ্ষিত কৰে আৰু য়ামালক লৈ চৰ্চা চলা দেখা যায় ৷ ইউৰোপীয়ান চেম্পিয়নশ্বিপ 2024 ত স্পেইনৰ হৈ খেলপথাৰত নমা যুৱ তথা দুৰ্দান্ত খেলুৱৈ য়ামালে টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান লাভ কৰে ৷ 17 বছৰীয়া জন্মদিনৰ পিচ দিনাই এই সন্মান লাভ কৰে য়ামালে ৷
‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে বিবেচিত হোৱা নিকো উইলিয়ামছক য়ামালে দিয়া উৎকৃষ্ট পাছটো ফাইনেল খেলখনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি প্ৰমাণিত হয় ৷ কিয়নো স্পেইনৰ হৈ প্ৰথমগৰাকী খেলুৱৈয়ে আৰম্ভনি গ’লটো দিয়ে আৰু অৱশেষত বিকল্প খেলুৱৈ মাইকেল অয়াৰজাবালে 87 মিনিটত বিজয়ী গ’লটো দি প্ৰতিযোগিতাখনত 2-1 গ’লত জয়লাভ কৰে । অয়াৰজাবালৰ গ’লটোৱে খেলখন পেনাল্টি শ্বুটলৈ যোৱাৰ পৰা ৰক্ষা কৰে ৷
মেচৰ শেষত হোৱা বাৰ্তালাপত 17 বছৰীয়া য়ামালে কয়, ‘‘এইটো হৈছে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জন্মদিনৰ উপহাৰ ৷ মোৰ এটা সপোন সঁচা হ’ল ৷ তেওঁলোকে সমতা স্থাপন কৰাত খেলখন কঠিন পৰ্যায়লৈ গৈছিল ৷ কিন্তু আমি তীব্ৰ যুঁজ দি জয়ী হ’লোঁ ৷’’
ইংলেণ্ডৰ বিকল্প খেলুৱৈ ক’ল পামৰে একমাত্ৰ গ’লটো দি সমতা স্থাপন কৰিছিল যদিও 87 মিনিটত স্পেইনৰ মাইকেল অয়াৰজাবালে বিজয়ী গ’লটো দিয়ে । 47 মিনিটত য়ামালে উইলিয়ামছক প্ৰথমটো গ’ল দিবলৈ সহায় কৰে । ইংলেণ্ডৰ গ’লৰক্ষক জৰ্ডান পিকফোৰ্ডকো দুটা শক্তিশালী ছেভ কৰিবলৈ বাধ্য কৰে য়ামালে ।