স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট:টি 20 বিশ্বকাপৰ পিছত ভাৰতৰ কেইবাগৰাকীও ক্ৰিকেটাৰে ঘোষণা কৰিছে অৱসৰ ৷ ৰোহিত শৰ্মা, বিৰাট কোহলী, শিখৰ ধৱনৰ দৰে খেলুৱৈসকলে ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰাৰ পিছত আন এগৰাকী ক্ৰিকেটাৰেও আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ৰাজহুৱা কৰিছে ৷ যি কথাক লৈ ক্ৰিকেটৰ অনুৰাগীসকলৰ মনত দুখে আৱৰি ধৰিছে ৷
অৱশ্যে ভাৰতীয় কোনো ক্ৰিকেটাৰে এইবাৰ ঘোষণা কৰা নাই অৱসৰ ৷ শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট দলৰ বাওঁহতীয়া বেটছমেন ডেভিড মলানেহে 37 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । ডেভিড মলান ইংলেণ্ডৰ হৈ খেলি থকা এক নম্বৰ বেটছমেন আছিল । জছ বাটলাৰৰ উপৰিও মলান হৈছে ইংলেণ্ডৰ হৈ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা এগৰাকী বেটছমেন ।
মলানে ইংলেণ্ডৰ হৈ অৱশ্যে বেছি ক্ৰিকেট খেলা নাই । তেওঁ ইংলেণ্ডৰ হৈ মাত্ৰ 22 খন টেষ্ট, 30 খন এদিনীয়া আৰু 62 খন টি-20 ত অংশগ্ৰহণ কৰিছে ৷ ক্ৰিকেটাৰগৰাকীৰ নামত আছে 8 টা শতক, য’ত 6 খন এদিনীয়া, এখন টেষ্ট আৰু এখন টি-20 মেচ অন্তৰ্ভুক্ত হৈ আছে । যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ 2023 ৰ পিছৰ পৰা মলানক ইংলেণ্ড দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷